অলিম্পিয়া বিশেষ প্ৰতিবেদন
এসময়ৰ প্ৰতিভাৱান ৰঞ্জি খেলুৱৈ জাহিৰ ইকবাল আলমৰ আজি অষ্টম মৃত্যু বাৰ্ষিকী। ৰঞ্জি খেলুৱৈ হিচাবে জাহিৰ ইকবাল আলমৰ বিশেষত্ব আছিল যে তেওঁ অসমৰ হৈ ৰঞ্জি ক্রিকেটত এটা ইনিংছত সৰ্বোচ্চ ৰান সংগ্ৰহ কৰা প্ৰথমজন অসমীয়া আছিল। তাৰোপৰি তেওঁ আছিল ৰঞ্জি ক্ৰিকেটত অসমৰ হৈ দ্বি শতক অৰ্জন কৰা চতুৰ্থজন খেলুৱৈ। অসমীয়া হিচাবে এই কৃতিত্ব অর্জন কৰা তেওঁ দ্বিতীয়জন খেলুৱৈ। ৰঞ্জি ট্ৰফীত অসমীয়া খেলুৱৈ হিচাবে প্ৰথম দ্বি শতক অৰ্জন কৰিছিল ৰাজেশ বৰাই। উভয়েই এই সফলতা অৰ্জন কৰিছিল ১৯৯০-৯১ ছিজনত।

জাহিৰ ইকবালৰ জন্ম ১৯৭০ চনৰ ১০ এপ্ৰিলত গুৱাহাটীৰ উলুবাৰীত। ডনবস্ক’ স্কুলত পঢ়ি থাকোতেই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা জাহিৰে ১৯৮৪ চনত আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ জৰিয়তে ৰাজ্যিক পৰ্যায়ত ভুমুকি মাৰে। ১৯৮৩-৮৪ ছিজনত তেওঁ অনুৰ্ধ ১৯ কোচবিহাৰ ট্ৰফীত অসম দলক প্ৰতিনিধিত্ব কৰিছিল। খেলুৱৈজনৰ ৰঞ্জি অভিষেক ঘটে ১৯৮৮ চনত মালিগাঁওৰ ৰেলৱে ষ্টেডিয়ামত বংগৰ বিৰুদ্ধে। ১৯৮৮ চনত কটকৰ বাৰাৱতি ষ্টেডিয়ামত উৰিষ্যাৰ বিৰুদ্ধে খেলত ৰঞ্জি ক্ৰিকেটৰ প্ৰথমটো শতক অৰ্জন কৰে। এই খেলখনত ১৪০ ৰানৰ এক সুন্দৰ ইনিংছ খেলে। ১৯৯২ চনত নেহৰু ষ্টেডিয়ামত ইকবালৰ বাবে অপেক্ষা কৰি আছিল এক বিশেষ সফলতাই। মেচখনত তৃতীয় উইকেটৰ যুটিত লাল চান্দ ৰাজপুতৰ সৈতে ৪৭৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ইকবালে। মেচখনত ইকবালৰ অৱদান আছিল ২৫৭ ৰানৰ। খেলুৱৈ জীৱনত মুঠ ২২ খন প্ৰথম শ্ৰেণীৰ মেচত ইকবালে সংগ্ৰহ কৰিছিল ১৩৯৮ ৰান। ১৯৯১-৯২ ছিজনত তেওঁ দুলীপ ট্ৰফীত পূব মণ্ডলৰ হৈ অংশ লৈছিল।
খেলুৱৈ জীৱনত ৰবি শাস্ত্ৰী, আজহাৰুদ্দিন, সঞ্জয় মাঞ্জেৰকাৰ আদিৰ সৈতে খেলাৰ অভিজ্ঞতা সঞ্চয় কৰিছিল জাহিৰ ইকবাল আলমে। এই গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ২০১২ চনৰ আজিৰ দিনটোতে মৃত্যুক সাৱটি লয়।