অলিম্পিয়া প্ৰতিবেদন
গাব্বাত অষ্ট্ৰেলিয়াৰ দৰ্প চূৰ্ণ কৰি ভাৰতীয় দলৰ ঐতিহাসিক বিজয়ৰ আঁৰত আছিল বহুকেইগৰাকী নৱাগতৰ উল্লেখনীয় অৱদান। ভাৰতৰ বিজয়ৰ এজন অন্যতম নায়ক ঋষভ পন্টে ব্ৰিছবেন টেষ্টত গঢ়িলে এক বিশেষ অভিলেখ।
ব্ৰিছবেন টেষ্টৰ দ্বিতীয় ইনিংছত ১ ৰান সংগ্ৰহ কৰাৰ লগে লগে কেৰিয়াৰৰ এক বিশেষ মাইলৰ খুটি স্পৰ্শ কৰে উইকেটকীপাৰ বেটছমেনজনে। ভাৰতীয় উইকেটকীপাৰ বেটছমেনসকলৰ ভিতৰত দ্ৰুততম ১ হাজাৰ ৰানৰ অভিলেখ গঢ়ে যুৱ ক্ৰিকেটাৰগৰাকীয়ে।
কেৰিয়াৰৰ ১৬ খন টেষ্টৰ ২৭ সংখ্যক ইনিংছত ১০০০ ৰান সম্পূৰ্ণ কৰি ঋষভে এই অভিলেখ গঢ়ে। এই বাটত তেওঁ ধোনিৰ অভিলেখ ভংগ কৰে। ধোনিয়ে ৩২ টা ইনিংছত সম্পূৰ্ণ কৰিছিল ১ হাজাৰ ৰান। ইয়াৰ পূৰ্বে উইকেটকীপাৰ বেটছমেন হিচাপে ফাৰুক ইঞ্জিনিয়াৰে ৩৬টা ইনিংছত ১হাজাৰ ৰাণ সম্পূৰ্ণ কৰিছিল। সেইদৰে ঋদ্বিমান সাহাই ৩৭টা ইনিংছ খেলি সম্পূৰ্ণ কৰিছিল এহাজাৰ ৰাণ।
You may also like
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে দেখুৱালে ভাৰতৰ ক্ৰীড়াৰ সোণালী দিনৰ সপোন
আই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ’ল টেম্প’চালকৰ পুত্ৰ
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনালে সৌৰভ গাংগুলীয়ে
বিজয় হাজাৰেৰ দ্বিতীয় মেচত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ অসমৰ
মণ্টিনেগ্ৰ’ এড্ৰিয়াটিক পাৰ্ল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় মহিলাৰ আধিপত্য : পাঁচটা স্বৰ্ণৰ সৈতে মুঠ ১০ টা পদকেৰে শীৰ্ষত ভাৰত