অলিম্পিয়া বাৰ্তা
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে খেলৰত্নৰ বাবে তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ নাম প্ৰস্তাৱ কৰিছে। ৰোহিতৰ লগতে বি চি চি আই’য়ে আন তিনিগৰাকী ক্ৰিকেটাৰৰ নাম অৰ্জুন বঁটাৰ বাবে প্ৰস্তাৱ কৰিছে। অৰ্জুন বঁটাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা ক্ৰিকেটাৰ তিনিগৰাকী হ’ল বেগী বলাৰ ঈশান্ত শৰ্মা, অপেনাৰ শিখৰ ধাৱান আৰু মহিলা ক্ৰিকেটাৰ দীপ্তি শৰ্মা।
২০১৯ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰদৰ্শন কৰা দমনীয় বেটিঙৰ বাবে ৰোহিতৰ নাম খেলৰত্নৰ বাবে বিবেচিত হয়। ২০১৯ বৰ্ষত ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটত অপেনাৰ হিচাবে ৫ খন মেচত ঈর্ষণীয় গড়ৰ সৈতে সংগ্ৰহ কৰে ৫৫৬ ৰান। তাৰ লগতে উক্ত বৰ্ষত ৫৭.৩০ গড়ে এদিনীয়াত তেওঁ সংগ্ৰহ কৰে ১৬৫৭ ৰান। বিশ্বকাপত তেওঁ পাঁচোটাকৈ শতকো সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। যদি ৰোহিতে এই সন্মান লাভ কৰে তেন্তে তেওঁ হ’ব এই সন্মান লাভ কৰা চতুৰ্থজন ক্ৰিকেটাৰ। ইয়াৰ আগতে শচীন টেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনি, বিৰাট কোহলিয়েহে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
” আমি বহুতো তথ্য আৰু বিশেষ কিছুমান অৰ্হতাক সমুখত ৰাখি প্ৰস্তাৱিত নামসমূহ নিৰ্বাচন কৰিছোঁ।” এটা প্ৰেছ বিজ্ঞপ্তিত এইদৰে কয় বি চি চি আই’ৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে। “ৰোহিত শৰ্মাই এজন বেটছমেন হিচাবে এক নতুন কৃৰ্তিমান প্ৰতিষ্ঠা কৰিছে আৰু সীমিত অভাৰৰ ক্ৰিকেটত এনে ৰান সংগ্ৰহ কৰিছে যি বহুতৰে চিন্তাৰ বাহিৰৰ। তেওঁ এই বঁটাৰ পাবৰ যোগ্য। ” লগতে গাংগুলীয়ে কয়।
ইফালে বাকী তিনিগৰাকী ক্ৰিকেটাৰেও নিজৰ নিজৰ ক্ষেত্ৰত যথেষ্ট পাৰদৰ্শিতা দেখুওৱাৰ সুবাদতে অৰ্জুনৰ বাবে প্ৰস্তাৱিত হৈছে বুলি উল্লেখ কৰে বি চি চি আইৰ অধ্যক্ষজনে।
You may also like
টি-২০ বিশ্বকাপৰ বাবে সাজু ৯ খন ষ্টেডিয়াম : প্ৰয়োজনত শ্ৰীলংকা অথবা UAE লৈয়ো স্থানান্তৰ হব পাৰে প্ৰতিযোগিতাখন
১৭ বাৰ অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰা এটা পৰিয়াল
শীঘ্ৰেই আমাজন প্ৰাইমত “মাৰাডোনা”: মুকলি হল টিজাৰ
অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি বিশ্বাসী হিমা দাস
প্ৰাক্তন ক্ৰীড়া বিষয়া, ক্ৰীড়া সংগঠক শিৱ শংকৰ ৰয়ৰ মৃত্যুত অসম খো-খো সন্থাৰ শোক প্ৰকাশ