জে. চি.আই ৰ উদ্যোগত গুৱাহাটীত ৰোলবল প্ৰতিযোগিতা;চেম্পিয়ন নামেৰী

অলিম্পিয়া প্ৰতিবেদন

ডিঙিত মেডেল লৈ উৎফুল্লিত এজাক কণ কণ শিশু।কোনোৱে লাভ কৰিছে স্বৰ্ণ, কোনাবাজনে ৰূপ আৰু কোনাবাজনে লাভ কৰিছে ব্ৰঞ্জৰ পদক। জে.চি.আই ৰ ২০২১ বৰ্ষৰ ৰোলবলৰ চেম্পিয়ন নামেৰি দল।
শনিবাৰে পুৱাৰ পৰা দিছপুৰ স্কেটিং ৰিঙকত ৰোলবল প্ৰতিযোগিতা। জে. চি. আই ৰ উদ্যোগত তথা অসম ৰোলবল সন্থাৰ সহযোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। অসমৰ চাৰিটাকৈ দলৰ প্ৰায় ৬০ গৰাকী ১৪ বছৰ অনুৰ্ধৰ কণ কণ শিশুৱে অংশ লোৱা এই প্ৰতিযোগিতাত চেম্পিয়ন হ’ল নামেৰি দল আৰু ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰে মাজুলিয়ে। আনহাতে, তৃতীয় স্থান লাভ কৰে কাজিৰঙাই ।বটা বিতৰণী অনুষ্ঠানত উৎফুল্লিত হৈ পৰে শিশুসকল। চেম্পিয়ন দল নামেৰিৰ শিশু সকলে প্ৰকাশ কৰিলে মনোভাৱ। আনহাতে, নামেৰী দলৰ প্ৰশিক্ষকো শিশুসকলৰ সাফল্যত হৈ পৰে সুখী।

উল্লেখযোগ্য, জেচিআই সপ্তাহৰ লগত সংগতি ৰাখি জে. চি আইয়ে বিগত কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত শনিবাৰৰ দিনটোত শিশুসকলৰ মাজত অনুষ্ঠিত কৰিলে ৰোলবল প্ৰতিযোগিতা।

আনহাতে এই প্ৰতিযোগিতাৰ অন্তত অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে মন্তব্য প্ৰকাশ কৰিছে। আগন্তুক কাৰ্যপন্থাৰ বিষয়েও অৱগত কৰে সম্পাদকজনে।তাৰোপৰি প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত জেচিআই তৰফৰ ৰোলবলৰ প্ৰশিক্ষণ সকলকো সন্মান জনোৱা হয়।

ক’ভিডৰ বাবে মুক্তমনে দীৰ্ঘদিনে ৰোলবল খেলিব পৰা নাছিল এইসকল শিশুৱে। আজি জে. চি. আই অথবা অসম ৰোলবল সন্থাৰ জৰিয়তে এই সুবিধা লাভ কৰিলে শিশুসকলে।ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিব শিশুসকলৰ বৌদ্ধিক বিকাশৰ লগতে ক্ৰীড়াক্ষেত্রতো শিশুসকল আগবাঢ়ি যাওক এইদৰে।আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। ক্ৰীড়াৰে এইসকল শিশুৱে জিনক জগত।

Leave a Reply

Your email address will not be published. Required fields are marked *