লাংহিনত বড়ো শ্বহীদ কাপ ফুটবল, লাংহিন তিনিআলি ক্ৰীড়া সন্থা-‘এ’ দল ছেমি ফাইনেলত

অলিম্পিয়া প্ৰতিবেদন

কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বড়ো শ্বহীদ ন্যাসৰ সহযোগত লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত চলি থকা ২৪সংখ্যক বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতাত লাংহিন তিনিআলি ক্ৰীড়া সন্থা-‘এ’ দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

এই প্ৰতিযোগিতাৰ সোমবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত লাংহিন তিনিআলি ক্ৰীড়া সন্থা-‘এ’ দলে ডংকাম’কাম ক্ৰীড়া সন্থাক ৩-১গ’লত পৰাজিত কৰে।খেলখনত লাংহিন তিনিআলি ক্ৰীড়া সন্থা-‘এ’ দলৰ হৈ মালাৰাম বসুমতাৰী(৩০মিনিট),কাংবুৰা ৰংহাং(৩৮মিনিট) আৰু লাৱিছ মাৰাকে(৭৫মিনিট) ক্ৰমে গ’লকেইটা দিয়াৰ বিপৰীতে ডংকাম’কাম ক্ৰীড়া সন্থাৰ হৈ বিনচন ৰংপি(৬৫মিনিট)য়ে একমাত্ৰ গ’লটো দিয়ে।

খেলখন পৰিচালনা কৰাত ৰেফাৰী আৰউইনচন কিলিঙক সহায় কৰে মিণ্টু বৰদলৈ,বাজু টিচ’ আৰু হনসিং কিলিঙে(চতুৰ্থ)। লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ মালাৰাম বসুমতাৰী শ্ৰেষ্ঠ খেলুৱৈৰূপে বিবেচিত হয়।মঙলবাৰৰ খেলত মৰিগাঁৱৰ বাংফ’ৰ ইউনাইটেড ফুটবল ক্লাৱে ক্লিৰডাপ এফ.চি.ৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সন্থাটোৰ সম্পাদক নাৰয়ণ বসুমতাৰীয়ে জনাইছে।

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *