সগৌৰৱেৰে অব্যাহত আন্তঃজিলা সন্তোষ লহকৰ ট্ৰফী। বৰপেটাক পৰাস্ত কৰি গুৱাহাটীৰ জয়।

অলিম্পিয়া প্ৰতিবেদন

৫৭ সংখ্যক সন্তোষ লহকৰ ট্ৰফীৰ বাবে আন্তঃজিলা ১৭ বছৰ অৰ্নুধ্বৰ ফুটবল টুৰ্ণামেন্টৰ আজি অনুষ্ঠিত মেচত গুৱাহাটীয়ে বৰপেটাৰ বিৰুদ্ধে জয়েৰে অভিযান আৰম্ভ কৰিছে। নলবাৰী জিলাৰ টিহুৰ সমীপৰ মাখিবাহা স্কুল খেলপথাৰত বিয়লি অনুষ্ঠিত মেচখনত গুৱাহাটীত ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে বৰপেটা দলক।

বৰপেটাৰ হৈ মেচৰ ৪ মিনিটতে ১২ নং জাৰ্ছি পৰিহিত জয়ন্ত বড়োৱে প্ৰথমটো গ’ল দি দলক অগ্ৰগতি প্ৰদান কৰে যদিও দলটোৱে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰিলে ।দ্বিতীয়াৰ্ধত মেচখন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনি গুৱাহাটিৰ হৈ ৫৫ মিনিটত ১১ নং জাৰ্ছি পৰিহিত অজিত থাপা, ৬৭ মিনিটত ১০ নং জাৰ্ছিৰ ৰুদ্ৰেশ্বৰ থাপা আৰু ৭৬ মিনিটত ৯ নং জাৰ্ছিৰ শৈলেন্দ প্ৰসাদে গ’ল স্কৰ কৰি গুৱাহাটীৰ বিজয় নিশ্চিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *