সৌৰভ গাংগুলীৰ প্ৰথমজন প্ৰশিক্ষক অশোক মুস্তাফিৰ দেহাৱসান

অলিম্পিয়া বাৰ্তা

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ বৰ্তমানৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ প্ৰথমজন প্ৰশিক্ষক অশোক মুস্তাফিৰ বুধবাৰে দেহাৱসান ঘটে। কলকাতাৰ এজন গণ্য মান্য প্ৰশিক্ষক মুস্তাফিৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৬ বছৰ। দীৰ্ঘদিন ধৰি বয়স সংক্ৰান্তীয় অসুখত ভুগি আছিল মুস্তাফি।

মুস্তাফিৰ তত্বাৱধানতে সৌৰভ গাংগুলীয়ে দুখীৰাম প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। বেংগলৰ ৰঞ্জি খেলুৱৈ সৃষ্টিৰ কাৰখানা হিচাবে পৰিচিত আছিল এই দুখীৰাম প্ৰশিক্ষণ কেন্দ্ৰ। সৌৰভ গাংগুলীয়ে তেওঁৰ বহু কেইটা সাক্ষাৎকাৰত তেওঁক এজন আক্ৰমনাত্মক বেটছমেন ৰূপে গঢ় দিয়াত অশোক মুস্তাফিৰ অৰিহণাৰ কথা উল্লেখ কৰিছিল। উল্লেখযোগ্য যে মুস্তাফিৰ অসুস্থতাৰ সময়ত প্ৰাক্তন অধিনায়কজনে তেওঁক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত সহায় আগবঢ়াইছিল।



Leave a Reply

Your email address will not be published. Required fields are marked *