ব্ৰহ্মপুত্ৰ ভলীবল লীগ (দ্বিতীয় সংস্কৰণ) ৰ প্ৰস্তুতি তুংগত

নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অহা ৭ নবেম্বৰ ২০২১ত বজালী জিলাৰ পাঠশালাৰ পৰা আঢ়ৈ কিলোমিটাৰ নিলগত অৱস্থিত “ধৰমতলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ”ৰ উদ্যোগত, অসম ভলীবল মিছন-১০০ৰ সৌজন্যত আদৰ্শ উচ্ছ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰম্ভ হ’ব বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰ ভলীবল লীগ ( দ্বিতীয় সংস্কাৰণ) ৰ । ইতিমধ্যে প্ৰভাত শৰ্মাক সভাপতি আৰু জয়ন্ত শৰ্মাক সম্পাদক হিচাপে লৈ এখন আয়োজক সমিতি গঠন কৰা হৈছে। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব ৰাজ্যৰ ২৮ খন জিলাৰ ৯৩ খন গাৱঁৰ মুঠ ২০৭টা দলে। ল’ৰা-ছোৱালী উভয় শাখাতে অনুষ্ঠিত হ’বলগীয়া লীগখনত ১৬ বছৰ অনুৰ্ধৰ ১০০ টা আৰু ২১ বছৰ অনূৰ্দ্ধৰ ১০৭ টা দলে ইতিমধ্যে যোগদান নিশ্চিত কৰিছে।

লীগখন উদ্ধোধন কৰিব ভাৰতীয় ভলীবলৰ পিতামহস্বৰূপ দ্ৰোণাচাৰ্য বঁটা প্ৰাপক, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন প্ৰশিক্ষক শ্যাম সুন্দৰ ৰাৱে। দলসমূহৰ স্পনচৰশ্বিপৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন ক্ৰীড়া ইভেন্টৰ প্ৰাক্তন খেলুৱৈ,ক্ৰীড়া সংগঠক, খেল পৰিচালক আৰু ভলীবল প্ৰেমী ৰাইজ। মাত্ৰ ১২ হেজাৰ টকাতে এটি দল স্পনছৰশ্বিপ কৰাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। উক্ত টকাৰে দলৰ খেলুৱৈ সকলৰ ড্ৰেছ, খেলৰ সামগ্ৰী আৰু দলৰ যাতায়াতৰ বাবে খৰছ কৰা হ’ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে ১৬০ টা দলৰ বাবে স্পনচৰশ্বিপ সম্পূৰ্ণ হৈছে। আশা কৰা হৈছে বাকী থকা ৪০ টা দললৈও এই কেইদিনৰ ভিতৰতে স্পনচৰশ্বিপ পোৱা যাব। এই আটাইবোৰ সম্ভৱ হৈছে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা অসম ভলীবল মিছন-১০০ৰ মুখ্য উদ্যোক্তা অভিজিৎ ভট্টাচাৰ্যৰ বাবেই।

শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাস, অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰা, অসম ভলীবল সন্থাৰ সভাপতি তথা ভাৰতীয় ভলীবল সন্থাৰ উপ সভাপতি, দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, অসম ভলীবল সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰকাশ বৰাকে আদি কৰি বিশিষ্ট ব্যাক্তিসকল। যোৱা ১৭ অক্টোবৰত পুৱা ৮-৩০ বজাত ধৰমতলাত অসম ভলীবল মিছন-১০০ ৰ মুখ্য উদ্যোক্তা অভিজিৎ ভট্টাচাৰ্য, আটোৱাৰ হুছেইন, গুণজিৎ শৰ্মা উপস্থিত হৈ ব্ৰহ্মপুত্ৰ ভলীবল লীগ (দ্বিতীয় সংস্কৰণ)ৰ প্ৰস্তুতিৰ বুজ লৈ সন্তুোষ প্ৰকাশ কৰি উদ্যোক্তা সমিতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *