বজালীৰ সাত যুৱকৰ দুঃসাহসিক ক্ৰীড়া

অলিম্পিয়া প্ৰতিবেদন

হিমালয়ৰ সু-উচ্চ শিখৰ খাৰদুংলা। ১৮,৩৮০ ফুট উচ্চতাৰ খাৰদুংলা পৰ্ব্বতমালা আৰোহণ প্ৰায়সংখ্যক লোকৰে এক সপোন। এই উচ্চতা যদি বাইকেৰে অতিক্ৰম কৰে, তেন্তে কিমান দুঃসাহসিক হ’ব পাৰে এই অভিযান ,সেয়া সহজেই অনুমেয়। এনে এক অভিযানৰ মাদকতা উপলব্ধি কৰিছে বজালীৰ কেইজনমান যুৱকে। দিন-ৰাতি একাকাৰ কৰি তেওঁলোকে কৰিছে বাইক ৰাইডিং।

সেইদিনা আছিল ৩১ আগষ্ট, ২০২১। বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা লেহ লাডাখ অভিমুখে ৰাওনা হ’ল এই দলটো। বাইক ৰাইডিঙৰ শুভ উদ্বোধন কৰিলে বজালীৰ আৰক্ষী অধীক্ষক ধৰ্মেশ্বৰ দাস আৰু উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। ৰয়েল ৰাইডাৰ্ছ নামৰ এক বাইক ৰাইডিং গ্ৰুপৰ উদ্যোগত ৭ যুৱকৰ এই প্ৰচেষ্টা। দলৰ দলপতি হিচাপে থাকিল ৰয়েল ৰাইডাৰ্ছৰ সভাপতি নিখিল বৰ্মন। কিপ গ্ৰীণ, চেভ ৱাটাৰ, চেভ আৰ্থ -এই উদ্দেশ্যৰে তেওলোকৰ এই দুঃসাহসিক যাত্রা। এনে এক মহৎ শ্লোগান লগত লৈ সাতখন বাইকত লাডাখ অভিমুখে ৰাওনা হ’ল দলটো ।দলটোত থকা আন সদস্য সকল হ’ল -অশ্বিনী কুমাৰ দত্ত, বিকাশ তালুকদাৰ, শৈলেণ তালুকদাৰ, সত্যেন ৰায়, নিকুমণি কলিতা, আৰু ভৱজ্যোতি কলিতা। এই যাত্রাপথত তেওঁলোকে উপভোগ কৰিলে পৃথিৱীৰ সেউজীয়া আৰু সু-উচ্চ পাহাৰৰ সৌন্দৰ্য ।বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, কাশ্মীৰ, চণ্ডিগড়ৰ দৰে প্ৰায় ১০-১১ খন ৰাজ্য স্পৰ্শ কৰি ১৩ দিনৰ অন্তত দলটো উপস্থিত হ’লগৈ পৃথিৱীৰ অন্যতম সুন্দৰ সু-উচ্চ পৰ্বত শিখৰ খাৰদুংলা টপত। অসমৰ স্বাভিমানী গামোচাৰে বিজয় নিচান উৰুৱালে খাৰদুংলাত দলটোৱে। মুখত সাফল্যৰ এমোকোৰা হাঁহি।

খাৰদুংলা যাত্রা সুন্দৰ অথচ ই অতিকৈ দুঃসাহসিক। হিমালয়ৰ বুকুৰ পৰা বাগৰি অহা শিলে বাধা দিব পাৰে আপোনাৰ যাত্রাত।এক বিপদ সংকুল পথেৰে এই যাত্রা সফল কৰি তুলিলে দলটোৱে। সম্প্ৰতি মানালি হৈ পুনৰ অসমলৈ প্ৰত্যাৱৰ্তন কৰিছে দলটোৱে।প্ৰায় ৯ দিনৰ অন্তত অসমৰ ভূমিত ভৰি থব এইকেইজন বাইক ৰাইডাৰে। উল্লেখযোগ্য যে, দলটোৰ এগৰাকী যুৱক আৰক্ষীত কৰ্মৰত আৰু বাকীকেইজন বজালীৰ উদ্যমী ব্যৱসায়ী। এই যাত্রাৰ বাবে গাইপতি একোজন লোকৰ ব্যয় হ’ব পাৰে ৭০ হাজাৰৰ পৰা ১ লাখ পৰ্য্যন্ত ।নিজা অৰ্থৰে বজালীৰ সাত যুৱকে সম্পাদন কৰিছে এই দুঃসাহসিক ক্ৰীড়া।

বাইক ৰাইডিং এক দুঃসাহসিক ক্ৰীড়া। অসমৰ বাইক ৰাইডিঙৰ ক্ষেত্রখনত ৰয়েল ৰাইডাৰ্ছ গ্ৰুপৰ সদস্যই খোদিত কৰিলে নিজৰ নাম।এতিয়া ক্ৰীড়া প্ৰেমী ৰাইজে আশা কৰিব দলটোৰ উদ্দেশ্য সফল হওঁক । তেওঁলোকৰ বাৰ্তা বিয়পি পৰক দেশৰ ভিন্ন প্ৰান্তলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *