অলিম্পিয়া প্ৰতিবেদন
শুক্ৰবাৰে সোনাপুৰ মিনি ষ্টেডিয়াম প্ৰাংগণত অসম অলিম্পিক সন্থাৰ প্ৰাক্তন সভাপতি তৰুণ গগৈৰ স্মৃতিত এখন শোক সভা অনুষ্ঠিত কৰা হয়। সোণাপুৰ ক্ৰীড়া সন্থাৰ সভাপতি তপন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত শোক সভাত অঞ্চলটোৰ খেলুৱৈ, সংগঠক তথা ক্ৰীড়াপ্ৰেমী ৰাইজে মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা আৰু সম্পাদক আফটাব হুছেইনেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।