‘আপোনাৰ অৱদান বিশাল। এতিয়া শান্তিত থাকক।’

‘আপোনাৰ অৱদান বিশাল। এতিয়া শান্তিত থাকক।’ বংগৰ প্ৰসিদ্ধ অভিনেতা সৌমিত্ৰ চট্টোপাধ্যায়ৰ মৃত্যুত এইদৰেই নিজৰ শোক প্ৰকাশ কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে।

৪০ দিন চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকি অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে বংগৰ প্ৰসিদ্ধ অভিনেতা সৌমিত্ৰ চট্টোপাধ্যায়ে। প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰিছে।৪০ দিন পূৰ্বে দেহত কভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পিছত কলকাতাৰ এক নাৰ্ছিঙহোমত ভৰ্ত্তি হৈছিল অভিনেতাগৰাকী। ইয়াৰ উপৰিও অভিনেতাগৰাকী কৰ্কত ৰোগকে ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *