দুৰন্ত তৰুণ আৰু অসমৰ ক্ৰীড়াক্ষেত্ৰ

অলিম্পিয়া প্ৰতিবেদন

অসমৰ ৰাজনীতিৰ মহীৰুহজন গ’লগৈ। ইয়াৰ লগে লগে অৱসান ঘটিল এটা বৰ্ণিল যুগৰ। তিনিটাকৈ কাৰ্যকালৰ বাবে অসমৰ শাসনভাৰ মূৰত কান্ধ পাতি লৈছিল তেওঁ। অসমলৈ শান্তি ঘূৰাই অনাত সফল হৈছিল তেওঁ। অন্ধকাৰছন্ন অসমৰ আকাশলৈ পোহৰ নমাই আনিছিল তেওঁ। পোহৰ নামি আহিছিল অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈও। দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা অসমৰ ক্ৰীড়াক্ষেত্ৰক এক নতুন মাত্ৰা দিছিল তেওঁ। আজন্ম ক্ৰীড়াপ্ৰেমী তৰুণ গগৈয়ে বহু প্ৰত্যাহ্বান নেওচি অসমত অনুষ্ঠিত কৰিছিল ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া। লগে লগে অসমৰ ক্ৰীড়াক্ষেত্ৰত আমূল পৰিবৰ্তনৰ সূচনা হৈছিল।

ইয়াৰ আগলৈ কেৱল নেহৰু ষ্টেডিয়াম আছিল অসমৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰস্বৰূপ। কিন্তু ইয়াৰ পাছত সৰুসজাইৰ বৃহৎ ক্ৰীড়া প্ৰকল্পৰ নামত অসমে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰীড়া আন্তঃগাঁথনি। লগতে, ৰাধাগোবিন্দ ক্ৰীড়া প্ৰকল্পই লাভ কৰিলে এক নতুন ৰূপ। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আয়োজনৰ সুবাদতে অসমে বৰসজাইৰ এক বৃহৎ এলেকাত লাভ কৰিলে গেমছ ভিলেজ। তালিকাখন ইয়াতে সীমাবদ্ধ নহয়।

সৰুসজাইস্থিত ক্ৰীড়া প্ৰকল্পত স্থাপন হোৱা ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আজিও অনুষ্ঠিত হৈ আহিছে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতালৈ সকলো আগশাৰীৰ এথলেটিকছ প্ৰতিযোগিতা। তাৰোপৰি, জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্স, নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়াম, আমিনগাঁওস্থিত ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়াম, ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈবুল্লা হকী ষ্টেডিয়াম, চতুৰ্থ এপি বি এনস্থিত অসম শ্বুটিং ৰেঞ্জ, মৰিগাঁওস্থিত চাৰণ বিল, টেপেচিয়াস্থিত চাইক্লিং ষ্টেডিয়াম, চচলত থকা অত্যাধুনিক টেনিছ প্ৰকল্প আদি আছিল এই ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আলম লৈ লাভ কৰা ক্ৰীড়া আন্তঃগাঁথনি। ইয়াৰ সৰহখিনি কৃতিত্বৰ দাবীদাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

গগৈ আছিল তেতিয়া অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্বত। ক্ৰীড়া আন্তঃগাঁথনি বুলিবলৈ তেতিয়া অসমত প্ৰায় একোৱেই নাছিল। তেনে ক্ষেত্ৰত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিবলৈ মন মেলা গগৈ ব্যাপক সমালোচনাৰো সন্মুখীন হৈছিল। কিন্তু তেওঁৰ দূৰদৃষ্টিসম্পন্ন মনটোৱে বুজি পাইছিল ৰাষ্ট্ৰীয় ক্ৰীড়াই অসমক কি দিব। সেয়ে সমস্ত প্ৰত্যাহ্বানকো নেওচি তেওঁ অসম অলিম্পিক সন্থাক সাহস প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বিড দাখিলৰ বাবে। অৱশেষত অসমে লাভ কৰিছিল ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ অনুমতি। লগে লগে ক্ষিপ্ৰ গতিত ইটোৰ পিছত সিটো ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি উঠিছিল অসমত।

ইপিনে অসমৰ বিদ্ৰোহী সংগঠন আলফাৰ পৰাও আহিছিল ভাবুকি। কিন্তু আলফাৰ ভাবুকিৰ প্ৰত্যুত্তৰত তৰুণ গগৈয়ে কৈছিল চিন্তাৰ অৱকাশ নাই। সকলো খেলুৱৈ তথা কৰ্মকতাক নিৰাপত্তা প্ৰদান কৰিব অসমৰ জনসাধাৰণে।

এনেদৰেই মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত অসমত সফলতাৰে অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় ক্ৰীড়া। ৩৩ খন ৰাজ্যৰ দহ সহস্ৰাধিক এথলিটে অসমত সুকলমে পৰিৱেশন কৰিছিল তেওঁলোকৰ ক্ৰীড়া প্ৰতিভা। সমগ্ৰ দেশলৈ বিয়পি পৰিছিল এক ধনাত্মক বাৰ্তা।

তাৰোপৰি, অসম ক্ৰিকেট সন্থাৰ অধীনৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰো শিলান্যাস কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়েই। তেওঁ আছিল অসম ক্ৰিকেট সন্থাৰো মুখ্য পৃষ্ঠপোষক। ষ্টেডিয়ামৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ আগবঢ়াইছিল ১ কোটি টকাৰ অৰ্থ সাহাৰ্য্য। ক্ৰীড়া অনুৰাগী মুখ্যমন্ত্ৰীগৰাকীৰ বাবেহে সেয়া সম্ভৱ হৈছিল।

নিজেও এটা সময়ত ফুটবল খেলিছিল তেওঁ। স্কুলৰ ফুটবল দলৰ এগৰাকী সদস্য আছিল। তাৰ লগতে প্ৰায়ে গ’ল্ফ খেলা দেখা পোৱা গৈছিল চিৰতৰুণ তৰুণ গগৈক। নাৰেংগী গ’ল্ফ কোর্টেই হওক অথবা দিল্লী, হাতত হাস্যবদনে ক্লাবটো লৈ ওলাই অহা তৰুণ গগৈৰ সপ্ৰতিভ উজ্জ্বল মুখখনিক সকলোৱেই মনত ৰাখিব।

Leave a Reply

Your email address will not be published. Required fields are marked *