ৰাধাগোবিন্দ বৰুৱা ক্ৰিকেটৰ ফাইনেলত শিলচৰৰ মুখামুখি এন এফ ৰেলৱে

অলিম্পিয়া প্ৰতিবেদন

ৰাজ্যত চলি থকা ৰাধাগোবিন্দ বৰুৱা অনুর্ধ ১৬ বছৰ বয়সৰ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি মুখামুখি হৈছে শিলচৰ আৰু এন এফ ৰেলৱে।

দুদিনীয়াকৈ অনুষ্ঠিত মেচখনত এন এফ ৰেলৱেই প্ৰথমে টছত জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শিলচৰে প্ৰথমে বেটিং কৰি ৫৮.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৭৮ ৰান কৰে। শিলচৰৰ হৈ অভিষেক দেৱে ৪০, শিৱ সিংহাই ৩৫ আৰু সুদীপ সিংহাই ২৯ ৰান সংগ্ৰহ কৰে। এন এফ ৰেলৱেৰ হৈ কঙ্কণ কাশ্যপে ৩ টা উইকেট দখল কৰাৰ বিপৰীতে ৰোনিত কুমাৰ আৰু দেবাংশু ঘোষে দুটাকৈ উইকেট সংগ্ৰহ কৰে।

তাৰ প্ৰত্যুত্তৰত এন এফ ৰেলৱেই দিনান্তলৈ ১৭ অভাৰত দুই উইকেট হেৰুৱাই ২৬ ৰান সংগ্ৰহ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *