খেলুৱৈ বিবেকানন্দজনক জানো আহক!

অলিম্পিয়া প্ৰতিবেদন

এফালে তেওঁ মানৱতাৰ জয়গান গাইছিল, আনফালে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ বিৰুদ্ধেও দেশৰ যুৱশক্তিক উদ্বুদ্ধ কৰি তুলিছিল তেওঁ। বিশ্বজুৰি হিন্দু ধর্মৰ মাজেৰে মানৱতাবাদৰ জয়গান বিয়পোৱা স্বামী বিবেকানন্দৰ আন এটা দিশৰ বিষয়ে হয়তো বহুতেই নাজানে। সমগ্ৰ ভাৰতৰে যুৱ শক্তিক মানৱতাৰ পাঠ পঢ়োৱা বিশ্ব নেতাগৰাকী আছিল এগৰাকী ক্রীড়াবিদো। সৰুৰে পৰাই নৰেন্দ্ৰনাথ দত্তই খেলি-ধুলি ভাল পাইছিল। খেল-ধেমালিত নিপুনতাও অর্জন কৰিছিল এইগৰাকী দাৰ্শনিক-পণ্ডিতে। ক্ৰিকেট, মল্লযুঁজ, ফুটবল, ফেন্সিঙকে আদি কৰি প্ৰায়বোৰ খেলতেই তেওঁ অংশগ্ৰহণ কৰিছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে ব্ৰিটিছে ভাৰতত ক্ৰিকেটৰ প্ৰসাৰতাৰ বাবে গঠন কৰিছিল বিভিন্ন ক্লাব। বিশেষকৈ কলিকতাত গঢ়ি উঠিছিল ইটোৰ পিছত সিটো ক্ৰিকেট ক্লাব। সেই সময়ত ইতিপূৰ্বে গঠন হোৱা কলকাতা ক্ৰিকেট ক্লাব আৰু টাউন ক্লাবে বেঙ্গলত ক্ৰিকেটৰ জনপ্ৰিয়কৰণৰ বাবে লৈছিল বিভিন্ন পদক্ষেপ। এনে এক সময়তে হেম চন্দ্ৰ ঘোষ নামৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতাগৰাকীৰ দৃষ্টি পৰিছিল বিবেকানন্দৰ ক্রীড়া নিপুনতাত। তেওঁ বিবেকানন্দক ক্ৰিকেট খেলিবলৈ উদ্বুদ্ধ কৰিছিল আৰম্ভণিৰে পৰাই। ক্ৰিকেটত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল বিবেকানন্দই। এবাৰ ইডেন গাৰ্ডেনত ব্ৰিটিছ প্ৰতিপক্ষৰ বিৰুদ্ধে বিবেকানন্দই দখল কৰিছিল ৭ টাকৈ উইকেট। ক্ৰিকেটৰ স্ৰষ্টা সাম্ৰাজ্যবাদী ব্ৰিটিছ আশ্চৰ্যচকিত হৈছিল এগৰাকী ভাৰতীয়ৰ এনে ক্ৰিকেট প্ৰতিভা দেখি। কেৱল ক্ৰিকেটেই নহয়, বিবেকানন্দ সফল হৈছিল ফুটবলৰ পথাৰতো। আনকি বক্সিং ৰিঙতো বিবেকানন্দৰ শক্তি সামৰ্থ্যৰ ওচৰত হাৰ মানিছিল বহুতেই। এবাৰ কলকাতাত অনুষ্ঠিত হোৱা এখন বক্সিং চেম্পিয়নশ্বিপত চেম্পিয়নৰ খিতাপো দখল কৰিছিল আধ্যাত্মিক নেতাগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *