Khelo India 2020

বৰ্ণাধ্য সাংস্কৃতিক অনুষ্ঠানেৰে শুভাৰম্ভ হ’ল তৃতীয় খেল’ ইণ্ডিয়া যুৱ সমাৰোহ – উপস্থিত থাকিল ক্ৰীড়ামন্ত্ৰী ৰিজিজু, মুখ্যমন্ত্ৰী সোণোৱাল।

অসমৰ ক্ৰীড়া ইতিহাসত এক নতুন পৃষ্ঠাৰ সংযোজন ঘটাই আজিৰ পৰা গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্প প্ৰাঙ্গনত আৰম্ভ হ’ল তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়াৰ। বহুদিনীয়া প্ৰস্তুতিৰ অন্তত অৱশেষত গুৱাহাটী ন ৰূপেৰে সাজু হৈ উঠিল ক্ৰীড়াৰ এই মেগা ইভেণ্টখনৰ বাবে। এক আটকধুনীয়া বৰ্ণাধ্য সাংস্কৃতিক অনুষ্ঠানেৰে শুভাৰম্ভ হ’ল ক্ৰীড়া মহোৎসৱখনিৰ। আজিৰ গুৱাহাটীৰ আবেলিটো আছিল এক বিশেষ আবেলি। ব্যস্ত ৰাজপথত মানুহৰ খোজৰ ভিৰ। সদায় ক্ৰীড়াময় হৈ থকা সৰুসজাইৰ পৰিৱেশ পুনৰবাৰ মায়াময় হৈ উঠিল। এক ক্ৰীড়াময় উছাহত পুনৰবাৰ বুৰ গ’ল সৰুসজাই। শুকুৰবাৰৰ সন্ধ্যাটোত সমগ্ৰ দেশৰ ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি নিবদ্ধ হৈ থাকিল গুৱাহাটীৰ ওপৰত। প্ৰায় ২০,০০০ ক্ৰীড়াপ্ৰেমীৰ আগমন ঘটিল এই যুৱ ক্ৰীড়া মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান উপভোগ কৰিবলৈ। লাখ লাখ ভাৰতীয়ই ঘৰতে বহি টেলিভিছনৰ পৰ্দাত উপভোগ কৰিলে এই উদ্ধোধনী অনুষ্ঠান। অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰ প্ৰদৰ্শনেৰে আৰম্ভ ঘটা অনুষ্ঠানটোত প্ৰসিদ্ধ সংগীতকাৰ শংকৰ মহাদেৱনে পৰিৱেশন কৰে বহুকেইটা জনপ্ৰিয় গীত। সংগীত কাৰ্যসূচীৰ আৰম্ভণিত মহাদেৱনে ভুপেন হাজৰিকাৰ জনপ্ৰিয় গীত বিস্তীৰ্ণ পাৰৰে পৰিবেশন কৰাৰ লগে লগে উল্লসিত হৈ উঠে ষ্টেডিয়ামত উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজ। উদ্ধোধনী অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানটিত ৰাজ্যৰ ৰাজনীতি জগতৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ তাৰকা শ্বুটাৰ হৃদয় হাজৰিকাই খেলুৱৈসকলৰ হৈ শপত বাক্য পাঠ কৰে। ধিং এক্সপ্ৰেছ হিমা দাসে স্থাপন কৰে অলিম্পিক শিখা। দেশৰ ৩৭ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰায় ৬৮০০ এথলিটে ক্ৰীড়াৰ ২০ টা শাখাত নিজৰ শক্তি প্ৰদৰ্শন কৰিব।

অনুষ্ঠানৰ মুখ্য অতিথি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুই সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিব খোজা সপোনক ভূয়সী প্ৰশংসা কৰি এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহযোগিতা আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক্ৰীড়াৰ ক্ষেত্ৰত লৈ অহা বিশেষ ভূমিকাক প্ৰশংসা কৰি অসমত খেল’ ইণ্ডিয়া আয়োজনৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ প্ৰদান কৰে। তেওঁ ভূপেন হাজৰিকাৰ গীতৰ উদ্ধৃতি দি ক্ৰীড়াৰ জৰিয়তে সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে খেল’ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণটি আৰম্ভ হোৱাৰ কথা ঘোষণা কৰাৰ পিছতে খেল’ ইণ্ডিয়াৰ মূল সংগীতৰ নৃত্য প্ৰদৰ্শনীৰ অনুষ্ঠানেৰে বৰ্ণাধ্য উদ্ধোধনী অনুষ্ঠানটোৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *