আজি মোহন বাগান দিৱস: টাইম স্কোয়েৰত উজ্বলিল মোহন বাগানৰ প্ৰতীক চিহ্ন

অলিম্পিয়া বাৰ্তা

২৯ জুলাইৰ মাজৰাতি হঠাৎ টাইম স্কোয়েৰৰ এখন বিজ্ঞাপন ব’ৰ্ডত উজলি উঠিল মোহন বাগানৰ প্ৰতীক চিহ্ন। বৃহৎ NASDAQ ৰ বিজ্ঞাপন ব’ৰ্ড যেতিয়াই সেউজীয়া আৰু মুগা বৰণৰ হৈ পৰিল, বিশ্বৰ ক্ৰীড়াপ্ৰেমী চমকিত হৈ উঠিল। বহু মিনিট ধৰি এই চিহ্ন ওলমি ৰ’ল টাইম স্কোয়েৰৰ বুকুত।

বিশ্বৰ এটা অন্যতম পুৰণি ফুটবল ক্লাব মোহন বাগানে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

১৯১১ চনৰ ২৯ জুলাই অৰ্থাৎ আজিৰ দিনটোত সেই সময়ৰ ভাৰতৰ ঔপনিৱেশক ব্ৰিটিছৰ এটা ক্লাব ইষ্ট য়ৰ্কশ্বায়ৰক পৰাস্ত কৰি ইতিহাস ৰচনা কৰিছিল মোহন বাগানে। আই এফ এ শ্বিল্ডৰ সেই মেচখনত লাভ কৰা জয়ে সেই সময়ৰ পৰাধীন ভাৰতবাসীৰ বুকুত দেশপ্ৰেমৰ এক জোৱাৰ আনি দিছিল। বেংগলত বহুতেই ভাৱে যে ব্ৰিটিছৰ বিপক্ষে সেই জয় আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা বিশেষ অংশ। শুনা যায় যে সেই খেল উপভোগ কৰিবলৈ প্ৰায় ৮০,০০০ ৰো অধিক লোক সমবেত হৈছিল। সকলোয়ে সমস্বৰে যুৰিছিল বন্দে মাতাৰম গীত। যিটো সেই সময়ত আইন বিৰুদ্ধ আছিল। ভাৰতৰ মনত স্বাধীনতাৰ ভাব জগাই তোলাত সেই জয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

সেই ঐতিহাসিক ক্ষণক যুগজয়ী কৰি ৰখাৰ বাবেই ক্লাবটোৱে ২৯ জুলাই দিনটোক মোহন বাগান দিৱস হিচাবে পালন কৰি আহিছে। আজি সেই ঐতিহাসিক ক্ষণে সম্পূৰ্ণ কৰিলে ১৩১ বছৰ। সেই উপলক্ষেই আজি এনেদৰে টাইম স্কোয়েৰত মোহন বাগানৰ প্ৰতীক চিহ্নক জিলিকাই তোলা হ’ল।

মোহন বাগানৰ টুইটাৰত প্ৰকাশ কৰা হ’ল এই খবৰ

প্ৰতি বছৰে এই দিনটোক মোহন বাগান দিৱস হিচাবে পালন কৰা হয় যদিও এইবাৰ পশ্চিম বংগত চলি আছে লকডাউন। সেয়েহে বংগবাসীৰ লগতে সমগ্ৰ দেশে উদযাপন কৰিব পৰা নাই এই বিশেষ দিনটো। এনে সময়ত এনেদৰে বিদেশৰ মাটিৰ পৰা এই দিৱস উদযাপনৰ বাতৰি বিয়পি পৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে দেশৰ হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমী।



Leave a Reply

Your email address will not be published. Required fields are marked *