আন্তঃৰাষ্ট্ৰীয় উশ্বু আৰু কুংফুত স্বৰ্ণ অৰ্জন ঢেকিয়াজুলিৰ দুজন যুৱকৰ

অলিম্পিয়া প্ৰতিবেদন

স্বৰ্ণজয়েৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে ঢেকিয়াজুলিৰ দুই যুৱকে। উশ্বু আৰু কুংফুত পদক লাভেৰে কাঠমাণ্ডুত জিলিকিল ঢেকিয়াজুলিৰ যুৱক। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত সাফল্য অৰ্জন পিংকু নাথ আৰু অভিশেষ গুহৰ।


চলিত মাহত নেপালৰ কাঠমাণ্ডুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ” ফাৰ্ষ্ট মাউন্ট এভাৰেষ্ট ইন্টাৰনেচনেল গেমছ ২০২১”।এই প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ ছাত্রী ৰিমঝিম গোঁহাইৰ সাফল্যৰ কথা নিশ্চিয় শুনিছে। সেই একেই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৃথক ইভেন্টত কৃতিত্ব অৰ্জন কৰিছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ এই দুই যুৱকে।আন্তঃৰাষ্ট্ৰীয় উশ্বু আৰু কুংফুত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ভাৰতৰ লগতে অসম তথা শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিলৈ স্বৰ্ণ অৰ্জন কৰি কঢ়িয়াই আনিছে গৌৰৱ। উশ্বুৰ দুটাকৈ শাখাতে দুটা স্বৰ্ণ অৰ্জন কৰা আলিচিঙাৰ অভিশেষ গুহ হ’ল -ৰামসেনা অসম, শোণিতপুৰ জিলা সমিতিৰ সুৰক্ষা প্ৰমুখ। দুটাকৈ স্বৰ্ণ লাভ কৰি আনন্দিত অভিশেষ গুহ। সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিলে মনোভাৱ ।


উল্লেখযোগ্য যে, “চাউথ এছিয়ান ফেডাৰেচন অৱ অল
স্পটৰ্ছ”ৰ উদ্যোগত কাঠমাণ্ডুত আয়োজিত হৈছিল এই প্ৰতিযোগিতা। বিশ্বৰ প্ৰায় সাত-আঁঠখন দেশৰ খেলুৱৈসকলে এই প্ৰতিযোগিতাত কৰিছিল অংশগ্ৰহণ। অসমৰ পৰাও ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ গৈছিল এক বৃহৎ দল।শোণিতপুৰৰ পৰা এই প্ৰতিযোগিতাৰ বাবে বাছনি কৰা হৈছিল এই দুই যুৱকক।


আনহাতে কুংফুত স্বৰ্ণজয় কৰা আনগৰাকী যুৱক হল ঢেকিয়াজুলিৰ শিঙৰিৰ বাসিন্দা পিংকু নাথ । তেও এগৰাকী কুংফু খেলুৱৈ হোৱাৰ উপৰিও সপ্তৰ্ষি লোক কৃষ্টি অকাডেমীৰ এগৰাকী বিহুৱা। স্বৰ্ণ অৰ্জন কৰি এইগৰাকী কুংফু খেলুৱৈয়ে প্ৰকাশ কৰিলে মনোভাৱ ।


আনহাতে এই দুই যুৱকৰ সাফল্যত গৌৰৱান্বিত ৰামসেনাৰ ঢেকিয়াজুলি আঞ্চলিক কমিটিৰ বিষয়-ববীয়াসকল।মঙলবাৰে ঢেকিয়াজুলি প্ৰেছ ক্লাবত দুই যুৱকক সম্বৰ্ধনা জনালে ৰামসেনাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ বিষয়-ববীয়াই। এখন ভিতৰুৱা গাঁৱৰ পৰা এইদৰে সৰ্বভাৰতীয় পৰ্যায়ত গৈ দেশলৈ গৌৰৱ কঢ়িয়াই অনা দুই যুৱকক লৈ গৌৰৱান্বিত ৰামসেনাৰ সদস্য। আনহাতে বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ সন্দৰ্ভত মন্তব্য কৰিছে ৰামসেনাৰ বিষয় ববীয়াই। আৰ্থিক অভাৱৰ বাবেই ১৮ জনকৈ খেলুৱৈয়ে এই প্ৰতিযোগিতাত ভাগ ল’বলৈ সক্ষম নহ’ল।

বিধায়কজনে প্ৰতিশ্ৰুতি দিও পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় বিধায়কৰ আৰ্থিক সহযোগিতাৰ অবিহনেই দুই যুৱকে কাঠমাণ্ডুত গঢ়িলে অভিলেখ। পিছে নিজ দেশমাতৃৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া সম্পাদন কৰিবলৈ বিধায়কজনে আৰ্থিকভাৱে সহায় নকৰাটো এক পৰিতাপৰ কথা। এতিয়া ঢেকিয়াজুলিবাসী তথা অসমবাসীয়ে আশা কৰিব চৰকাৰৰ সহযোগিতাৰে নিজৰ সাধনাৰ বলত পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত জিলিকি উঠক ঢেকিয়াজুলিৰ দুই যুৱক।

Leave a Reply

Your email address will not be published. Required fields are marked *