নিজৰ জন্মদিনত সুৰেশ ৰাইনাৰ চমক, কৰি দেখুৱাব এই কাম..

অলিম্পিয়া প্ৰতিবেদন

ভাৰতৰ প্ৰাক্তন বাওঁহতীয়া বেটছমেন সুৰেশ ৰাইনাই ২৭ নৱেম্বৰত ভৰি দিব ৩৪ বছৰ। এইবাৰ তেওঁৰ জন্মদিনটোত এক বিশেষ ৰূপত পালন কৰাৰ কথা ভাবিছে ৰাইনাই। নিজৰ গ্ৰেচীয়া ৰাইনা ফাউণ্ডেচনৰ অধীনত এলানি জনকল্যানমূলক কামৰ লক্ষ্য বান্ধি লৈছে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

সেই অনুসৰি উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰ আৰু এন চি আৰৰ ৩৪ খনকৈ বিদ্যালয়ত পৰিছন্নতা তথা বিশুদ্ধ পানীৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ১০,০০০ শিশু উপকৃত হ’ব। প্ৰায় এটা বছৰ ধৰি চলিব লগা এই কাৰ্যসূচীত ৰাইনা ফাউণ্ডেচনক সহযোগিতা আগবঢ়াব অমিতাভ শ্বাহৰ যুৱা আনষ্টপেবল নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে।

ইয়াৰ লগতে এই কাৰ্যসূচীৰ জৰিয়তে শিশুৰ যৌন স্বাস্থ্য ইত্যাদিৰ ওপৰতো সজাগতা সৃষ্টিৰ লক্ষ্য কৰি লৈছে ৰাইনা ফাউণ্ডেচনে। লগতে ছাত্ৰ ছাত্ৰীৰ মাজত স্মাৰ্ট ক্লাছৰ ব্যৱস্থাও কৰিব উক্ত ফাউণ্ডেচনে। ৰাইনাই তেওঁৰ পত্নী প্ৰিয়ংকাৰ সহযোগত ইতিমধ্যে এসপ্তাহ যোৰা জন্মদিন পালনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে। নিজৰ জন্মদিনটোক বিশেষ কৰি তুলিবলৈ ৰাইনাই এনেদৰে সমাজকল্যানমূলক কাৰ্যসূচী বাচি লোৱা কথাই তেওঁৰ অনুৰাগীসকলক সুখী কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *