ৰাষ্ট্ৰীয় জিমনাষ্টিকত ব্ৰঞ্জ অসমৰ উপাসাৰ

অলিম্পিয়া প্ৰতিবেদন

পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলিল অসমৰ খেলুৱৈ।অসমৰ কণিষ্ঠ জিমনাষ্ট উপাসা তালুকদাৰৰ ব্ৰঞ্জ লাভ। জম্মুত এই সাফল্য অৰ্জন উদিত জিমনাষ্ট গৰাকীৰ।

চলিত মাহৰ ২২ নবেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ জম্মুত অনুষ্ঠিত হৈছে ২৫ সংখ্যক “জুনিয়ৰ ৰাষ্ট্ৰীয় ৰিডমিক জিমনাষ্টিক চেম্পিয়নশ্বিপ “। জম্মু জিমনাষ্টিক এছ’চিয়েচন আৰু জম্মু স্প’ৰ্টছ কাউন্সিলৰ উদ্যোগত আয়োজিত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ উপাসা তালুকদাৰৰ দুৰ্দান্ত ক্ৰীড়া প্ৰৰ্দশন। স্ব-প্ৰতিভাৰে ৰাষ্ট্ৰীয় ৰিডমিক জিমনাষ্টিকত আজুৰি আনিলে ব্ৰঞ্জৰ পদক। উল্লেখযোগ্য যে, ক’ভিডকালীন পৰিস্থিতিৰ পাছত উপাসাৰ এয়া প্ৰথম ৰাষ্ট্ৰীয় প্ৰতিযোগিতা।

লকডাউনৰ প্ৰভাৱত সীমিত প্ৰশিক্ষণেৰেই নিজ সাধনাৰ বলত অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে এইগৰাকী উদিত জিমনাষ্টে। পিছে, উপাসাৰ এয়াই প্ৰথম সাফল্য নহয়। ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত খেলো-ইণ্ডিয়া যুৱ ক্ৰীড়াতো কেইবাটাও পদক লাভেৰে অসমৰ নাম উজলাই তুলিছিল কণমাণি উপাসাই।ইয়াৰোপৰি, ৰাষ্ট্ৰীয় স্কুল ইভেন্টতো জিমনাষ্টিকছত দাঙি ধৰিছিল সুন্দৰ ফলাফল। জিমনাষ্টিকৰ পৃথিৱীত উপাসা বহুদূৰ আগুৱাই যাওক। ন-ৰূপেৰে উদ্ভাষিত হওক উপাসা।অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিছে বিশ্বমুখী হওঁক উপাসাৰ জিমনাষ্টিকৰ যাত্রা।

Leave a Reply

Your email address will not be published. Required fields are marked *