মেক্সৱেলৰ বাগদত্তা বিনি ৰমনক ট্ৰল, বিনিৰো উচিত প্ৰত্যুত্তৰ

অলিম্পিয়া প্ৰতিবেদন

ইণ্টাৰনেটত সততে ট্ৰলৰ সন্মুখীন হয় চেলিব্ৰেটিসকল। সেয়া কোনো নতুন কথা নহয়। ক্ৰিকেটাৰসকলো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। কিন্তু বহু সময়ত দেখা যায় কেৱল ক্ৰিকেটাৰগৰাকীয়েই নহয়, তেওঁৰ প্ৰেয়সীৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সদস্যলৈ কোনোৱেই ট্ৰলৰ পৰা সাৰি নাযায়। বহুতে তেনে ট্ৰলক আওকাণ কৰে। কেতিয়াবা আকৌ বহুতকে তেনে ট্ৰলৰ প্ৰত্যুত্তৰ দিয়াও দেখা যায়।

১৯ ছেপ্টেম্বৰৰ পৰা আৰব এমিৰাটছত চলি আছে আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ খেলসমূহ। এইবাৰ আই পি এলত অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন গ্লেন মেক্সৱেল আছে কিংছ ইলেভেন পঞ্জাৱ দলত। বহুতেই হয়তো জানে যে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকী ভাৰতীয় মূলৰ ফাৰ্মাচিষ্ট বিনি ৰমনৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। ইতিমধ্যে বাগদান সম্পন্ন হৈ গৈছে দুয়োৰে। সেই বিনি ৰমনৰ এটা ইনষ্টাগ্ৰাম পোষ্টক লৈ এতিয়া হৈছে বিশেষ চর্চা।

শেহতীয়াকৈ বিনি ৰমনক প্ৰেমিক মেক্সৱেলৰ সৈতে এখন ফটো আপলোড কৰা দেখা পোৱা গৈছিল তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা। ফাটোখনৰ তলত বিনিয়ে উদ্ধৃতি দিছিল এইদৰে, “পুনৰ এটা সপ্তাহ পাৰ হ’ল লকডাউনত, মই যদি এতিয়া ইউ এ ইত থাকিলোঁহেঁতেন!!”

ফটোখনে বহু অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰে। হাজাৰ হাজাৰ কমেণ্টৰে ভৰি পৰে পোষ্ট। তাৰ মাজৰে এটা দৃষ্টিকটু মন্তব্যই ভিনি ৰমনক ক্ষুদ্ধ কৰি তোলে। ঘৃণা বিয়পোৱা পোষ্টটোত এজনে উল্লেখ কৰে যে, “মানসিকভাৱে অস্থিৰ শ্বেতাঙ্গ ল’ৰাজনক বাদ দিয়া। তুমি তেওঁৰ বাবে সহানুভূতি দেখুওৱাব নালাগে। বিপৰীতে, এগৰাকী ভাৰতীয়ক বাচি লোৱা।”

লোকজনৰ এনে নিন্দনীয় মন্তব্যৰ উত্তৰ দি পিছত বিনিয়ে লিখে, ” আপোনালোকৰ দৰে মই মানুহৰ ৰঙ নাচাওঁ। মই জাতীয়তাক বাদ দিও কাৰোবাক ভাল পাব পাৰো আৰু সেয়া মোৰ একান্তই ব্যক্তিগত সিদ্ধান্ত। মই নিজৰ জীৱনৰ সিদ্ধান্ত ইন্টাৰনেটৰ কোনো ব্যক্তিৰ পৰামৰ্শমতে নলও।” ইণ্টাৰনেটত সন্মুখীন হোৱা ট্ৰলৰ প্ৰতি এনেদৰে সোচ্চাৰ হৈ পৰা বিনিৰ সাহহিকতাক এতিয়া সকলোৱে প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *