অলিম্পিয়া প্রতিবেদন
ইতিহাস প্ৰসিদ্ধ মোৱামৰীয়া গণ বিপ্লৱৰ প্ৰধান নেতা মহাবীৰ ৰাঘৱ মৰাণৰ মহান কৰ্মৰাজি, আদৰ্শ জনমানসত প্ৰতিষ্ঠা কৰাৰ লগতে এক সুস্থ ক্রীড়া পৰিৱেশ গঢ়ি তোলাৰ মানসেৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবছৰে বীৰ ৰাঘৱ মৰাণ ট্ৰফী আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা আয়োজন কৰি আহিছে।
সেই ধাৰাবাহিকতাকে অক্ষুন্ন ৰাখি এইবছৰো সন্থাৰ উদ্যোগত অসম ভলীবল সন্থাৰ তত্বাৱধানত, গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত আৰু সদৌ মৰাণ ছাত্ৰ সন্থা, গুৱাহাটী মহানগৰ সমিতিৰ আতিথ্যত সপ্তম বাৰ্ষিক বীৰ ৰাঘৱ মৰাণ ট্ৰফী- আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাখন দিবা নৈশভাৱে আয়োজন কৰা হৈছে।
অহা ইংৰাজী ২৯ আৰু ৩০ জানুৱাৰীত দুদিনীয়াকৈ আয়োজিত প্ৰতিযোগিতাখন গুৱাহাটীৰ জৰ্জ খেলপথাৰস্থিত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হব। প্ৰতিযোগিতাখনত উত্তৰ পূব ৰেলৱে, অ’ এন জি চি, অসম পুলিচকে আদি কৰি ৰাজ্যৰ আগশাৰীৰ ১২ টাকৈ দলে অংশগ্ৰহণ কৰিব।
প্ৰতিযোগিতাৰ প্ৰথমটো দিনৰ পুৱা ৫ বজাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ পতাকা সভাপতি নৱ মৰাণৰ দ্বাৰা উত্তোলন আৰু সাধাৰণ সম্পাদক মুনিন দুৱৰাৰ শ্বহীদ তৰ্পণৰে আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত মৰাণ জনগোষ্ঠীয় কলা সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব। আৰম্ভণি খেলখন উদ্বোধন কৰিব ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যই। উদ্বোধনী অনুষ্ঠানটোত ইয়াৰ লগতে অংশগ্ৰহণ কৰিব অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে।
প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনাখনত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখন উদ্বোধন কৰিব নেছ’ৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই মুখ্য অতিথি হিচাবে অংশ ল’বলগীয়া সামৰণি অনুষ্ঠানত অসমৰ ভলীবল ক্ষেত্ৰলৈ বিশেষভাৱে অৰিহণা আগবঢ়োৱা বহুকেইজন ক্রীড়া সংগঠক তথা প্ৰাক্তন খেলুৱৈক সম্বৰ্ধনা জনোৱা হ’ব।
You may also like
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে দেখুৱালে ভাৰতৰ ক্ৰীড়াৰ সোণালী দিনৰ সপোন
আই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ’ল টেম্প’চালকৰ পুত্ৰ
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনালে সৌৰভ গাংগুলীয়ে
বিজয় হাজাৰেৰ দ্বিতীয় মেচত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ অসমৰ
মণ্টিনেগ্ৰ’ এড্ৰিয়াটিক পাৰ্ল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় মহিলাৰ আধিপত্য : পাঁচটা স্বৰ্ণৰ সৈতে মুঠ ১০ টা পদকেৰে শীৰ্ষত ভাৰত