আই পি এল ২০২১: শোচনীয়ভাৱে পৰাস্ত হ’লেও সুখৰ অন্ত নাই বিৰাটৰ

অলিম্পিয়া প্রতিবেদন

আই পি এলৰ দ্বিতীয় লীগৰ প্ৰথমখন মেচত শোচনীয় পৰাজয়। কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চৰম বিপৰ্যয়। ইমানৰ পিছতো কিন্তু অত্যন্ত সুখী দলটোৰ অধিনায়ক বিৰাট কোহলি। পিছে এই সুখৰ ৰহস্য কি?
কাৰণ অৱশ্যে নথকা নহয়। বিৰাটৰ চিন্তা এতিয়া আই পি এলতে সীমাবদ্ধ হৈ থকা নাই। বিৰাটৰ দৃষ্টি নিবদ্ধ হৈ আছে আগন্তুক টি-টুৱেন্টি বিশ্বকাপলৈ। সেয়ে আই পি এলত সোমবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দল পৰাস্ত হ’লেও সুখৰ আন এক কাৰণ বিচাৰি পাইছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে।

বিৰাটৰ এই সুখৰ উৎস কলকাতা নাইট ৰাইডাৰ্ছৰ স্পীনাৰ বৰুণ চক্ৰৱৰ্তী। সোমবাৰৰ মেচত বৰুণে ৪ অভাৰত ১৩ ৰান ব্যয় কৰি ৩ টা উইকেট দখল কৰে। মেচখনত বিৰাটে নিজৰ উইকেট সোনকালেই হেৰুৱাইছিল । কিন্তু বৰুণ চক্ৰৱৰ্তীৰ বাবেই বিৰাটৰ মুখত বিয়পিছে হাঁহি। কিয়নো বৰুণ চক্ৰৱৰ্তী আগন্তুক টি-টুৱেন্টি বিশ্বকাপৰ ১৫ জনীয়া ভাৰতীয় দলৰ এজন অন্যতম সদস্য। বৰুণৰ আই পি এল ফৰ্মৰ ওপৰত আগন্তুক বিশ্বকাপত তেওঁৰ প্ৰদৰ্শন বহুখিনি নিৰ্ভৰ কৰিছে। বৰুণৰ দুৰন্ত আই পি এল প্ৰদৰ্শনে নিশ্চয় আগন্তুক বিশ্বকাপত ভাৰতকে সহায় কৰিব। যাৰ বাবে বৰণৰ এই প্ৰদৰ্শনত সন্তুষ্ট জাতীয় দলৰ অধিনায়ক বিৰাট কোহলি।

মেচৰ অন্তত বিৰাটে কয় যে বৰুণে সুন্দৰ বলিং কৰিলে। ভাৰতৰ হৈ যেতিয়াই খেলিব, ডাঙৰ ভূমিকা পালন কৰিব তেওঁ। খুব সোনকালেই দেশৰ হৈ খেলিব বৰুণে। এয়া এক ভাল লক্ষ্যণ। উল্লেখযোগ্য যে ২০২১ৰ টি-টুৱেন্টি বিশ্বকাপেই হ’ব বিৰাট কোহলিৰ টি- টুৱেন্টিৰ অধিনায়ক হিচাবে অন্তিমখন বিশ্বকাপ। ইতিমধ্যে বিৰাটে টি টুৱেন্টিৰ অধিনায়ক পদৰ পৰা অব্যাহতি লোৱাৰ কথা বিবেচনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *