কোকৰাঝাৰত ভভিনাম চেম্পিয়নশ্বিপ। কামৰূপ মেট্ৰ শ্ৰেষ্ঠ ।

অলিম্পিয়া প্ৰতিবেদন

কোকৰাঝাৰত ভভিনামৰ বৃহৎ প্ৰতিযোগিতা ।ৰাজ্যৰ ১৬
খন জিলাৰ ৩৮০জন খেলুৱৈৰ অংশগ্ৰহণ ।শ্ৰেষ্ঠ দল কামৰূপ মেট্ৰ ।তিনিশৰো অধিক ভভিনাম খেলুৱৈৰ দুৰ্দান্ত খেল প্ৰদৰ্শন ।


কোকৰাঝাৰ জিলাৰ ডতমাত সফলতাৰে সম্পন্ন হ’ল তৃতীয় সংখ্যক ‘অল আসাম ভভিনাম চেম্পিয়নশ্বিপ’।চলিত মাহৰ ২৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ সোমবাৰে সামৰণি পৰে।অসম ভভিনাম সন্থাৰ উদ্যোগত কোকৰাঝাৰ ভভিনাম সন্থাৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৰাজ্যৰ ১৬ খন জিলাৰ প্ৰায় ৩৮০গৰাকী খেলুৱৈৰ মাজত দেখা পোৱা গ’ল তুমুল প্ৰতিদ্বন্দিতা ।প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে কামৰূপ মেট্ৰ’ই।আনহাতে প্ৰথম ৰাৰ্ণাছ আপ নগাঁও হোৱাৰ বিপৰীতে দ্বিতীয় ৰাৰ্ণাছ আপৰ সন্মান লাভ কৰে কোকৰাঝাৰে।


পুৰুষ শাখাত শ্ৰেষ্ঠ ফাইটাৰৰ খিতাপ অৰ্জন কৰে গুৱাহাটীৰ জাকাৰিয়া ইছলামে আৰু দীপা ৰংপিয়ে লাভ কৰিলে মহিলাৰ শ্ৰেষ্ঠ ফাইটাৰৰ সন্মান ।ল’ৰাৰ আণ্ডাৰ ২০ কিঃগ্ৰাঃ ৰ ছাব জুনিয়ৰ শাখাত আয়ুস খান আৰু ছোৱালীৰ ছাব জুনিয়ৰত অনুস্কা খানে অৰ্জন কৰে স্বৰ্ণ পদক।আনহাতে, আণ্ডাৰ ৫৫ কিঃগ্ৰাঃ শাখাত ফাইটত ৰূপ, ফৰমেন পাৰফৰমেন্সত ১টা স্বৰ্ণ, ব্যক্তিগত শাখাত ১টা স্বৰ্ণ লাভেৰে কামৰূপ মেট্ৰৰ হৈ সন্মান অৰ্জন কৰে গুৱাহাটীৰ ছাৰফাৰজ আলিয়ে।অপেন কেটেগৰিৰ ছাব জুনিয়ৰত স্বৰ্ণ লাভ কৰে ছিমৰাণ খানে।


উল্লেখযোগ্য যে কামৰূপ মেট্ৰ দলৰ ২৪ জন ভভিনাম খেলুৱৈৰ ভিতৰত ২২ জনেই পদক লাভ কৰিবলৈ সক্ষম হয় ।ইয়াৰে ১৮ টা স্বৰ্ণ আৰু ৪ টা ৰূপৰ পদক ।প্ৰতিযোগিতাখনত উপস্থিত থাকে অসম ভভিনাম সন্থাৰ সাধাৰণ সম্পাদক পাপু খান, সহকাৰী সম্পাদক বিপুল কলিতা, উপ-সভাপতি সঞ্জীৱ বৰ্মন আৰু কাৰ্যকৰী সদস্য নাচৰিণ এ খান।


সুখৰ খবৰটো এইয়াই যে, এই প্ৰতিযোগিতাত পদকপ্ৰাপ্ত প্ৰথমগৰাকী খেলুৱৈয়ে লক্ষ্ণৌত অনুষ্ঠিত হবলগীয়া 65 সংখ্যক নেশ্যনেল স্কুল গেমছত অংশগ্ৰহণৰ যোগ্যতা আহৰণ কৰে।ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিব আগন্তুক প্ৰতিযোগিতাত সুন্দৰ প্ৰৰ্দশনেৰে ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনক এইসকল উদিত ভভিনাম খেলুৱৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *