ক্ৰীড়াৰ উন্নয়নত শাৰীৰিক শিক্ষাৰ ভূমিকা: অসম ক্ৰীড়া প্ৰাধিকৰণৰ ৱেবিনাৰ

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি অনুষ্ঠিত হয় ক্ৰীড়াৰ বিকাশত শাৰীৰিক শিক্ষাৰ ভূমিকা শীৰ্ষক এখন ৱেবিনাৰ। উদ্বোধন কৰে অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ জে পি বাৰ্মাই। অনুষ্ঠানটোত অংশ লৈ ভাষণ প্ৰসংগত তেওঁ শৰীৰক শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। তেওঁ লগতে কয় যে শেহতীয়াকৈ প্ৰকাশ কৰা নতুন শিক্ষা নীতিৰ আধাৰত অৰবিন্দদেৱ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম সাজু কৰা হ’ব।

অনুষ্ঠানটোত লক্ষ্মীবাই নেচনেল য়ুনিভাৰ্ছিটি অৱ ফিজিকেল এডুকেচনৰ প্ৰাক্তন উপাচাৰ্য এছ এন মুখাৰ্জী, অসম ক্ৰীড়া প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক সুভাষ বসুমতাৰী, লক্ষ্মীবাই নেচনেল য়ুনিভাৰ্ছিটি অৱ ফিজিকেল এডুকেচনৰ ডিন প্ৰফেছৰ বিশ্বজিত বসুমতাৰী আদিয়ে ব্যক্তব ৰাখে। তেওঁলোকেও স্কুলীয়া পাঠ্যক্ৰমত ক্ৰীড়াক অন্তৰ্ভূক্ত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে উদ্বোধনী ভাষণত অসম ক্ৰীড়া প্ৰাধিকৰণৰ নিৰ্দেশক অংকাৰ কেৰিয়াই ক্ৰীড়াৰ বিকাশত শাৰীৰিক শিক্ষাৰ শিক্ষকসকলৰ অৱদান সম্পৰ্কে বাখ্যা আগবঢ়ায়। অনুষ্ঠানটো পৰিচালনা কৰে আই আই টি গুৱাহাটীৰ ক্ৰীড়া বিষয়া ৰাজীৱ দেই।

ৱেবিনাৰখনৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অসম ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ নিৰ্দেশক ধৰ্মকান্ত মিলিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *