অলিম্পিয়া প্ৰতিবেদন
ক’ব পাৰি নেকি সেই সাক্ষাতক দুই গেংষ্টাৰৰ মিলন বুলি? এজন যদি ক্ৰিকেটৰ পথাৰৰ ত্ৰাসৰ কাৰণ আনগৰাকী আছিল আকৌ অন্ধকাৰ জগতৰ দাগী গেংষ্টাৰ। ক’বলৈ খুজিছো কপিল দেৱ আৰু গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ কথা।
দুয়োগৰাকীৰ জীৱনত এবাৰেই সাক্ষাৎ হৈছিল। অৱশ্যে সুখকৰ নাছিল সেই সাক্ষাৎ। ডাউদ ইব্ৰাহিমে কেনেবাকৈ ভাৰতীয় ক্ৰিকেট দলৰ ড্ৰেছিং ৰুম পাইছিলগৈ। প্ৰস্তাৱ আগবঢ়াইছিল কপিল আৰু তেওঁৰ সৈতে ড্ৰেছিং ৰুমত থকা দিলীপ ভেংছৰকাৰলৈ দুখন বিলাসী গাড়ীৰ। পাকিস্তানক হৰুৱাব লাগে। পাকিস্তান হাৰিলেই দুয়োলৈ গাড়ী আগবঢ়াব ডাউডে। ডাউডৰ প্ৰস্তাৱ শুনি খঙতে কপিল দেৱে তেওঁক কোঠাৰ পৰা বাহিৰ কৰি দিছিল। কেইবছৰমান আগতে এটা সাক্ষাৎকাৰত এই কথা ৰোমন্থন কৰিছিল দিলীপ ভেংছৰকাৰে।
You may also like
ৰাহুল পেণিকাৰ কোন? আমি কিয় জনা উচিত ৰাহুল পেনিকাৰক?
ফেব্ৰুৱাৰীত GSAৰ আম্পায়াৰৰ পৰীক্ষা
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিৰিজ জয়ৰ অন্যতম নায়ক ঋষভ পন্টৰ অভিলেখ!
ৰাজ্যৰ ক্ৰীড়াৰ উন্নয়নৰ বাবে কাম কৰিব ড্ৰীম ইলেভেনে
ঐতিহাসিক বিজয়ৰ আনন্দ উদযাপন কৰা কিন্তু সতৰ্ক হোৱা আচল টীমটো কিছু সপ্তাহ পিছত আহিব যাক তোমালোকে পৰাজিত কৰিব লাগিব