২০০৭ৰ টি টুৱেন্টি বিশ্বকাপত ভাগ লোৱাৰ পৰা টেণ্ডুলকাৰ আৰু গাংগুলীক কোনে বাধা দিছিল!!

অলিম্পিয়া বাৰ্তা

২০০৫ চনত সেই সময়ৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সৌৰভ গাংগুলীৰ সহযোগতে দলৰ প্ৰশিক্ষক হিচাবে দায়িত্ব গ্ৰহন কৰিছিল দক্ষিণ আফ্ৰিকাৰ গেৰী ক্ৰিষ্টেনে। ক্ৰিষ্টেনে দলত যোগ দিয়াৰ পিছৰ পৰাই দলটো ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰিছিল। দলত লাহে লাহে জ্যেষ্ঠ খেলুৱৈৰ কদৰ হ্ৰাস পাইছিল। যি সৌৰভ গাংগুলীৰ সহযোগত ক্ৰিষ্টেন দলটোৰ প্ৰশিক্ষক হৈছিল সেই গাংগুলীৰে গুৰুত্ব দলত নোহোৱা হৈ আহিছিল। আনকি এটা সময়ত গেৰী ক্ৰিষ্টেনে দলৰ জ্যেষ্ঠ খেলুৱৈ সকলক বৃদ্ধ ঘোঁৰাৰ সৈতেও তুলনা কৰিছিল। সি যি কি নহওঁক, ভাৰতীয় দলত নতুনৰ আগমনে দলটোক এক বিশেষ ৰূপ প্ৰদান কৰিছিল।

২০০৭ চনত যেতিয়া টি টুৱেন্টি বিশ্বকাপৰ বাবে ভাৰতীয় দল নিৰ্বাচিত কৰা হৈছিল সেই সময়ত দলটোত তিনিজন মুখ্য খেলুৱৈয়ে স্থান লাভ কৰা নাছিল। তেওঁলোক আছিল শচীন টেণ্ডুলকাৰ, সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড়। শচীন টেণ্ডুলকাৰে শেষ সময়লৈ দলত স্থান লাভৰ আশা পুহি ৰাখিছিল। কিন্তু টেণ্ডুলকাৰকে ধৰি জ্যেষ্ঠকেইজনে দলত স্থান লাভ নকৰাৰ আঁৰত আছিল এজন ক্ৰিকেটাৰ।

ভাৰতীয় দলটোৰ সেই সময়ৰ মেনেজাৰ লালচান্দ ৰাজপুতে সদৰী কৰা মতে ৰাহুল দ্ৰাবিড়ে শচীন টেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীক সেইখন টুৰ্ণামেণ্টত ভাগ নোলোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। এই টুৰ্ণামেণ্টত ভাগ নোলোৱাৰ ক্ষেত্ৰত ৰাহুল দ্ৰাবিড়ে তেওঁলোকক বুজাই বঢ়াই মান্তি কৰাইছিল।

“সেই সময়ত ৰাহুল দ্ৰাবিড় ভাৰতীয় দলৰ অধিনায়ক আছিল। ইংলেণ্ডত চিৰিজ এটা সামৰি কেইজনমান খেলুৱৈ বাহিৰে বাহিৰে জ’হানছবাৰ্গলৈ টি টুৱেন্টি বিশ্বকাপৰ বাবে গৈছিল। অৱশেষত তেওঁলোকে নৱাগতসকলক সুযোগ দিয়াৰ সিদ্ধান্ত লৈ পেলাইছিল।” লালচান্দ ৰাজপুতে Sportskeeda নামৰ সংবাদ প্ৰতিষ্ঠানৰ আগত এইদৰে কয়।

“কিন্তু ভাৰতীয় দলে বিশ্বকাপ জিকাৰ পাছত তেওঁলোকে হয়তো বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ বাবে অনুতপ্ত হৈছিল। কিয়নো শচীনে মোক প্ৰায়ে কৈছিল যে ইমান বছৰ ক্ৰিকেট খেলিলোঁ অথচ বিশ্বকাপ জয়ৰ সোৱাদ লাভ নকৰিলো। ” ৰাজপুতে লগতে কয়।



Leave a Reply

Your email address will not be published. Required fields are marked *