বিশ্বনাথৰ পৰা হোমেন বৰ্মনৰ প্রতিবেদন
সমাজ কল্যাণ বিভাগৰ বিশ্বনাথ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ উদ্যোগত মংগলবাৰে পোষণ মাহ উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে পুৱা চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত বিশ্বনাথ শিশু উন্নয়ণ প্ৰকল্পৰ বিষয়া- কৰ্মচাৰী, অংগনবাড়ী পৰ্যবেশিকা আৰু অংগনবাড়ী কৰ্মীসকলৰ উপস্থিতিত যোগাসন কৰা হয়। যোগাসন প্ৰদৰ্শন কৰে অংগনাবাড়ী পৰ্যৱেশিকা অন্তৰা বৰাই।
ইয়াৰ পিছতে বিশ্বনাথ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ কাৰ্যালয়ত আয়োজন কৰা হয় এক খাদ্য সম্ভাৰৰ প্ৰতিযোগিতা। অংগনাবাড়ী পৰ্যবেশিকাৰ তত্ত্বাৱধানত আৰু কৰ্মীসকলৰ সহযোগত আয়োজন কৰা এই ৰন্ধনশালাৰ প্ৰদৰ্শনী ও প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে বিশ্বনাথৰ বিশিষ্ট চিকিৎসক তথা চিকিৎসা বিষয়া ডা:এলিজা ডেকাই। আনহাতে অনুষ্ঠানত মাতৃ আৰু শিশুৰ পুষ্টিহীনতাৰ সন্দৰ্ভত আৰু চৰকাৰীভাৱে আৰম্ভ কৰা পোষণ আঁচনি সন্দৰ্ভত বক্তব্য আগবঢ়ায় বিশ্বনাথ সংহত শিশু উন্নয়ণ বিষয়া জ্যোতিষ বৰুৱা আৰু জিলা সমন্বয়ক পৰিস্মিতা দত্তই।
আনহাতে পুষ্টিকৰ খাদ্য সম্ভাৰৰ প্ৰতিযোগিতাত প্ৰথম স্থান ৫নং পানী ভৰাল চাৰ্কোলে, দ্বিতীয় স্থান ১নং বিশ্বনাথ টাউন চাৰ্কোল আৰু তৃতীয় স্থান অধিকাৰ কৰে ৮নং কুমলীয়া চাৰ্কোলে। বিশ্বনাথ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ ব্লক সমন্বয়ক পল্লৱী বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত প্ৰকল্পৰ পৰিসংখ্যা সহায়ক বৰুণ বৰা, পৰ্যবেশিকা গায়ত্ৰী দেৱী, বন্দিতা দেৱী , শিল্পী বৰা, নমী বৰা, গীতা দেৱীকে ধৰি বহু সংখ্যক ব্যক্তি উপস্থিত থাকে।