অসমৰ উদীয়মান তাৰকা বক্সাৰ অংকুশিতাৰ বিয়া। হয়, আপুনি ঠিকেই শুনিছে। বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে খলকনিৰ সৃষ্টি কৰা অংকুশিতা বহাগৰ প্ৰথমভাগতেই বিয়াত বহিব। যি দুই হাতেৰে প্ৰতিপক্ষৰ বক্সাৰক আঘাতৰ ওপৰত আঘাত কৰি ধাৰাশায়ী কৰে, সেই হাতত এতিয়া মেহেন্দীৰ ৰঙা ৰং দেখিবলৈ পোৱা যাব বক্সাৰগৰাকীৰ। কিন্তু কেৰিয়াৰৰ ভৰপক সময়ছোৱাত হঠাত কিয় বিয়াত ব’হিবলগীয়া হ’ল তাৰকা বক্সাৰগৰাকীয? বিয়াৰ পিছত বক্সিং এৰিব নেকি অংকুশিতাই? যদি নেৰে তেন্তে নিজৰ বক্সিং কেৰিয়াৰক কেনেদৰে আগুৱাই নিব তাৰকা বক্সাৰগৰাকীয়ে? এনেবোৰ প্ৰশ্ন লৈ আমি টেলিফোনিক বৰ্তালাপত মিলিত হৈছিলোঁ বক্সাৰ অংকুশিতাৰ সৈতে।
কেৱল সেয়াই নহয়, তৰকা বক্সাৰগৰাকীৰ সপোনৰ ৰাজকোঁৱৰজননো কোন সেই কথাও আমি জানিব পাৰিলো বক্সাৰগৰাকীৰ মুখৰ পৰা। সম্প্ৰতি কাৱৈমাৰীৰ মেঘাইজাৰনিস্থিত নিজ বাসগৃহত থকা অংকুশিতাই অলিম্পিয়াৰ আগতনো কি কলে জানো আহক :
কোন হব অংকুশিতাৰ দৰা?
এই মূহূৰ্তত সকলোৰে বাবে এক উতসুকতাভৰা প্ৰশ্ন কোন হ’ব বক্সাৰ অংকুশিতাৰ বিবাহপ্ৰাৰ্থী? বহুতেই হয়তো নাজানে যে অংকুশিতাৰ হ’বলগীয়া দৰাজন আন কোনো নহয়, তেওঁৰেই বৰ্তমানৰ প্ৰশিক্ষক ত্ৰিদীৱ বৰা। উল্লেখযোগ্য ত্ৰিদীৱ বৰা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী বক্সিং প্ৰশিক্ষক। পূৰ্বতে প্ৰশিক্ষক ত্ৰিদীৱ বৰাও এগৰাকী নামজ্বলা বক্সাৰ আছিল। বক্সিং ক্ষেত্ৰত অংকুশিতাৰ উত্থানৰ ক্ষেত্ৰত ত্ৰিদীৱ বৰাৰো যথেষ্ট অৰিহণা থকাৰ কথা বহু সময়ত বক্সাৰগৰাকীয়ে নিজে উল্লেখ কৰিছে।
বিয়াৰ পিছত কি?
অংকুশিতাৰ বিয়াৰ খবৰ অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে অনাকাংক্ষিত আছিল। হঠাত বিয়াত বহিবলৈ ওলোৱা বক্সাৰগৰাকীৰ কেৰিয়াৰত ই কেনেদৰে প্ৰভাৱ পেলাব তাকে লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে অসমৰ ক্ৰীড়া ক্ষেত্ৰত। বহুতেই আশংকা ব্যক্ত কৰিছে বিয়াৰ পিছত অংকুশিতাৰ বক্সিং কেৰিয়াৰত যতি লাগিব বুলিও।কিন্তু এই ক্ষেত্ৰত কি কয় তাৰকা বক্সাৰগৰাকীয়ে জানো আহক : বহুতেই হয়তো জানে যে, মোৰ হ’বলগীয়া জীৱনসংগীজন মোৰেই প্ৰশিক্ষক। বহুতেই এই প্ৰশ্ন কৰিব বিচাৰে যে বিয়াৰ পিছত মোৰ বক্সিং কেৰিয়াৰৰ অন্ত পৰিব নেকি? কিন্তু মই সেইসকল লোকক ক’ব বিচাৰো যে, বৰ্তমানৰ দৰেই মোৰ বক্সিং বিবাহৰ পিছতো অব্যাহত থাকিব। বৰঞ্চ আগতকৈ ভালকৈহে মই প্ৰস্তুতি চলাব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। এতিয়া যিদৰে প্ৰস্তুতি চলাই আছো, সেয়া অব্যাহত থাকিব বিয়াৰ পিছতো।
অংকুশিতাৰ লক্ষ্য ২০২৪
অংকুশিতাৰ লক্ষ্য ২০২৪ অলিম্পিক। বিয়াৰ পিছতো এই লক্ষ্যৰ পৰা পথচ্যুত নহয় খেলুৱৈগৰাকী। অলিম্পিয়াৰে হোৱা কথাবাৰ্তাত কাৰ্যতঃ ৰাজ্যবাসীক এই প্ৰতিশ্ৰুতিয়েই দিলে অংকুশিতাই। তেওঁ ক’লে, মোৰ লক্ষ্য ২০২৪। ইতিমধ্যে মই তাৰ বাবে মোৰ ৱেইট কেটেগৰীৰো সালসলনি কৰিছো। মোৰ পূৰ্বৰ ৬৪ কেজি ৱেইট কেটেগৰী যিহেতু অলিম্পিকত নাই, সেয়ে মোৰ ওজন শাখা ৭৯ কেজিলৈ মই সলনি কৰিছো। বৰ্তমান এইটো ৱেইট কেটেগৰীত মই প্ৰস্তুতি চলাই আছো আগন্তুক অলিম্পিকৰ প্ৰতি লক্ষ্য ৰাখি।
ইতিমধ্যে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ ”টাৰ্গেট অলিম্পিক প’ডিয়াম স্কিম”তো মই স্থান লাভ কৰিছো। মোৰ লগতে বক্সাৰ যমুনা বড়োৰো এই আঁচনিত নাম অন্তৰ্ভূক্ত হৈছে। গতিকে সেই আঁচনিৰ আধাৰতে আগন্তুক সময়তো মোৰ প্ৰশিক্ষণ চলি থাকিব।
এইদৰেই বিয়াৰ পিছতো যে বক্সিং ৰিঙত সক্ৰিয় ৰূপত অংকুশিতাক দেখিবলৈ পোৱা যাব, তাৰেই আভাস দিলে বক্সাৰগৰাকীয়ে।
অংকুশিতা-ত্ৰিদীৱৰ বিয়াই দিব সমন্বয়ৰ বাৰ্তা
অলিম্পিয়াৰে হোৱা কথাবাৰ্তাত কথা প্ৰসংগত অংকুশিতাই কয় যে, তেওঁলোকৰ এই বিয়াই কঢ়িয়াব সমন্বয়ৰ বাৰ্তা। সমাজত প্ৰচলিত জাতি-ভেদ প্ৰথা তথা পৰম্পৰা পৰিহাৰ কৰি এই বিয়াই এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াওক আমাৰো তাৰেই আশা।
অহা ২২ এপ্ৰিলত অংকুশিতাৰ বাসগৃহতে আয়োজিত হ’বলগীয়া এই বিবাহলৈ অলিম্পিয়াৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন। আশা কৰো আগন্তুক সময়ত এগৰাকী পৰিপক্ক বক্সাৰৰ পৰিচয় দি অংকুশিতা উজলি উঠক বিশ্বৰ বক্সিং জগতত।