Tuesday, October 4, 2022
HomeNewsঅইল-আইটা ছুপাৰ ছিৰিজ টেনিছত শীৰ্ষ বাচনিৰ খেলুৱৈক বিদায় দিলে অসম সন্তানে :...

অইল-আইটা ছুপাৰ ছিৰিজ টেনিছত শীৰ্ষ বাচনিৰ খেলুৱৈক বিদায় দিলে অসম সন্তানে : খিতাপৰ যুঁজত অসমৰ পার্থিব, ৰৌণক, ছান্দোগ্য

অলিম্পিয়া প্ৰতিবেদন

অসমৰ পার্থিব কলিতাই চলিত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাত
অঘটন সৃষ্টি কৰি চমকপ্ৰদ প্ৰদৰ্শনৰে খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছে । উল্লেখ্য যে ল’ৰাৰ ১৪ বছৰৰ অনূর্ধ্বৰ
একক শাখাৰ ছেমিফাইনেলত বৃহস্পতিবাৰে পার্থিবে ৬-৩, ৭-৫ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে শীৰ্ষ বাচনিৰ ৰাজস্থানৰ ধনঞ্জয় তিব্ৰেৱালক । এতিয়া শুকুৰবাৰে হ’বলগা ফাইনেলত পার্থিব মুখামুখি হ’ব অসমৰে ৰৌণক কাশ্যপৰ ।
১৪ বছৰৰ অনূর্ধ্বৰ একক শাখাৰ আনখন ছেমিফাইনেলত ৰৌণকে ৬-০, ৬-৩ ৰ পোনপটীয়া ব্যৱধানত
পৰাস্ত কৰে ৰাজ্যৰে সতীৰ্থ জ্যোতিষ্মান বড়োক । ইফালে, পার্থিব আৰু ৰৌণকৰ লগতে শুকুৰবাৰে খিতাপৰ বাবে ক’ৰ্টত নামিব আন এজন অসম সন্তান । উল্লেখ্য যে ল’ৰাৰ ১২ বছৰৰ অনূর্ধ্বৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ ছান্দোগ্য টি পাঠকে । ছেমিফাইনেলত ছান্দোগ্যই ৬-১, ৬-১ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে ৰাজ্যৰে অভয় ভৰালীক ।
ফাইনেলত ছান্দোগ্য মুখামুখি হ’ব গুজৰাটৰ হত কন্দোৰীয়াৰ । ছেমিফাইনেলত তেওঁ পাৰস্ত কৰে
মহাৰাষ্ট্ৰৰ ঋষিকেশ মানেক । ব্যৱধান ৬-২, ৬-২ । ইফালে, ছোৱালীৰ ১২ বছৰৰ অনূর্ধ্বৰ একক শাখাৰ ফাইনেলখন অনুষ্ঠিত হ’ব কৰ্ণাটকৰ সৃষ্টি কিৰণ আৰু ওড়িছাৰ অবিপষা দেহুৰীৰ মাজত । ছেমিফাইনেলত সৃষ্টি কিৰণে তেলেংগনাৰ শ্রীঅক্ষ পেনুমেষ্টাক ৬-০, ৬-০ ৰ পোনপটীয়া ব্যৱধানত তথা অবিপষা দেহুৰীয়ে বিহাৰৰ ভাৰ্গৱী শৰ্মাক ৬-৩, ৬-৪ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে । আনহাতে, ছোৱালীৰ ১৪ বছৰৰ অনূর্ধ্বৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে কৰ্ণাটকৰ সৃষ্টি কিৰণ আৰু ওড়িছাৰ আৰাধ্যা ভার্মা । ছেমিফাইনেলত সৃষ্টি কিৰণে তামিলনাডুৰবাসুন্দা বালাজীক ৬-১, ৬-২ ৰ পোনপটীয়া ব্যৱধানত তথা আৰাধ্যা ভাৰ্মাই ওড়িছাৰে অবিপষা দেহুৰীক ৬-৩, ৬-২ ৰ পোনপটীয়া
ব্যৱধানত পৰাস্ত কৰে।

ইফালে, ছোৱালীৰ একক শাখাত অসমৰ খেলুৱৈয়ে অভিযান সামৰাৰ পাছত সুখৰ খবৰ লৈ আনে নায়ীন হুছেইনে ছোৱালীৰ ১২ বছৰৰ অনূর্ধ্বৰ ডাবলচ শাখাৰ ফাইনেলত প্ৰৱেশ কৰি । মহাৰাষ্ট্ৰৰ ইছাল পাঠানৰ লগত যুটি বান্ধি নায়ীনে ছেমিফাইনেলত ৬-০, ৬-০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে অসমৰ উৎপলকশ্ৰী শ‍ইকীয়া আৰু বংগৰ ছানৰাচানা দাসক । কিন্তু ল’ৰাৰ ১২ বছৰৰ অনূর্ধ্বৰ ডাবলছ শাখাৰ ছেমিফাইনেলত পৰাস্ত হয় অসমৰ যুটি প্ৰশান্ত বড়ো আৰু ঈশানদ্বীপ বড়ো । অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি চচলত চলি থকা প্ৰতিযোগিতাখনৰ শুকুৰবাৰে একক আৰু ডাবলছৰ ফাইনেল মেচ অনুষ্ঠিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments