Friday, September 30, 2022
HomeNewsঅইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ সামৰণি

অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ সামৰণি

 অসমৰ পার্থিব-ছান্দোগ্যৰ দ্বিমুকুট

অলিম্পিয়া প্ৰতিবেদন: অসমৰ প্ৰতিভাবান দুই টেনিছ খেলুৱৈ পার্থিব কলিতা আৰু ছান্দোগ্য টি পাঠকে অইল-
আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাত দ্বিমুকুট লাভ কৰি্ছে । পাৰ্থিবে ল’ৰাৰ ১৪ বছৰৰ অনূর্ধ্বৰ একক আৰু ডাবোলছ শাখাৰ খিতাপ লাভ কৰাৰ বিপৰীতে ছান্দোগ্য‌ই ল’ৰাৰ ১২ বছৰৰ অনূর্ধ্বৰ একক আৰু ডাবোলছ শাখাৰ চেম্পিয়ন হয় ।
অইল ইণ্ডিয়াৰ সহযোগিতাত অসম টেনিছ সন্থাই চচল টেনিছ প্রকল্পত আয়োজন কৰা ল’ৰা-ছোৱালীৰ
১২ আৰু ১৪ বছৰ অনূর্ধ্বৰ ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাখনৰ শুকুৰবাৰে সামৰণি পৰে । অন্তিম দিনা হোৱা ফাইনেলত অসম সন্তান পার্থিবে ল’ৰাৰ ১৪ বছৰৰ অনূর্ধ্বৰ একক শাখাৰ ফাইনেলত ৰাজ্যৰে
ৰৌণক কাশ্যপক ৬-০, ৬-০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি খিতাপৰ অধিকাৰী হয় ।

ছেমিফাইনেলত পার্থিবে ৬-৩, ৭-৫ ৰ পোনপটীয়া ব্যৱধানত শীৰ্ষ বাচনিৰ ৰাজস্থানৰ ধনঞ্জয় তিব্ৰেৱালক হৰুৱাই বৃহৎ অঘটন ঘটাইছিল । একক শাখাৰ খিতাপ দখলৰ পাছতে পার্থিবে ল’ৰাৰ ১৪ বছৰৰ অনূর্ধ্বৰ ডাবোলছ শাখাৰো চেম্পিয়ন ট্ৰফী ল’বলৈ সক্ষম হয় । ৰাজ্যৰে জ্যোতিষ্মান বড়োৰ লগত যুটি বান্ধি খেলা পার্থিবে ফাইনেলত ৬-০, ৬–০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে অসমৰ ৰৌণক কাশ্যপ আৰু ৰাজস্থানৰ ধনঞ্জয় তিব্ৰেৱাল যুটিক ।

ইফালে, পার্থিবৰ সাফলতাৰ লগতে আনজন অসম সন্তান ছান্দোগ্যই ল’ৰাৰ ১২ বছৰৰ অনূর্ধ্বৰ দ্বিমুকুট দখল কৰি ৰাজ্যৰ হৈ আন এক গৌৰৱ অৰ্জন কৰে । একক শাখাৰ ফাইনেলত ছান্দগ্যই ৬-১, ৬-১ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে গুজৰাটৰ হত কন্দোৰীয়াক । আনহাতে, ল’ৰাৰ ১২ বছৰৰ অনূর্ধ্বৰ ডাবোলছ শাখাত অসমৰে অভয় ভৰালীৰ লগত যুটি বান্ধি খেলা ছান্দিগ্যই ফাইনেলত ৬–০, ৬-১ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে মহাৰাষ্ট্ৰৰ ঋষিকেশ মানে আৰু গুজৰাটৰ হত কন্দোৰীয়া যুটিক ।

ইফালে, অসমৰ নায়ীন হুছেইনেও ছোৱালীৰ ১২ বছৰৰ অনূর্ধ্বৰ ডাবোলছ শাখাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে । মহাৰাষ্ট্ৰৰ ইছাল পাঠানৰ লগত যুটি বান্ধি খেলা নায়ীনে ফাইনেলত ৬-০, ৬-১ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে অসমৰে সংস্কৃতি বৰা আৰু অশিয়া এম চৌধুৰী যুটীক । ছোৱালীৰ ১৪ বছৰৰ অনূর্ধ্বৰ ডাবোলছ শাখাৰ খিতাপ লাভ কৰে বংগৰ আকাংশা ঘোষ আৰু ওড়িছাৰ আৰধ্যা বাৰ্মাই ।

ইফালে, ছোৱালীৰ ১২ আৰু ১৪ বছৰৰ অনূর্ধ্বৰ একক শাখাৰ খিতাপ দখল কৰে ক্ৰমে ওড়িছাৰ অবিপাষা দেহুৰী আৰু আৰধ্যা বাৰ্মাই । প্ৰতিযোগিতাৰ অন্তত হোৱা বঁটা বিতৰণ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অইল ইণ্ডিয়াৰ মহা প্ৰবন্ধক ৰামানুজ দত্ত, অসম টেনিছ সন্থাৰ কোষাধ্যক্ষ স্বপনীল বৰঠাকুৰ আৰু সম্পাদক অংকুশ দত্তসহ বিশিষ্ট ব্যক্তিসকল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments