Friday, September 30, 2022
HomeNewsঅইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাত অসমৰ খেলুৱৈৰ প্ৰত্যয়জনক আৰম্ভণি

অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাত অসমৰ খেলুৱৈৰ প্ৰত্যয়জনক আৰম্ভণি

অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাত অসমৰ খেলুৱৈৰ প্ৰত্যয়জনক আৰম্ভণি

অলিম্পিয়া প্ৰতিবেদন:     অসম টেনিছ সন্থাৰ উদ্যোগত তথা অইল ইণ্ডিয়াৰ সহযোগিতাত গুৱাহাটীৰ চচলত চলি থকা অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ প্রথমদিনাই প্রত্যয়জনক আৰম্ভণি কৰিছে অসমৰ খেলুৱৈসকলে । উল্লেখ্য যে ১২ আৰু ১৪ বছৰ অনূর্ধ্বৰ ল’ৰা-ছোৱালীৰ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাখনৰ যোৱা দুদিন ধৰি কোৱালিফায়িং ৰাউণ্ডৰ মেচ হোৱাৰ পাছত সোমবাৰৰ পৰা আৰম্ভ হয় মূল ৰাউণ্ডৰ খেল ।
ছোৱালীৰ ১২ বছৰ অনূর্ধ্ব শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে অসমৰ অৰ্ণৱী দেৱনাথ, নায়ীম হুছেইন, সংস্কৃতি বৰা, দেৱস্মিতা ৰায়, নাওদিতা শুক্লা, ফাগুন জ্যোতি, আশি এম চৌধুৰী, শীৱালী গগৈ আৰু এঞ্জেলিকা হাজৰিকাই ।ইফালে, কৰ্ণাটকৰ সমৃদ্ধি বৈশ্য আৰু বিহাৰৰ ভাগৱী শৰ্মায়ো দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ।
আনহাতে, ১২ বছৰ অনূর্ধ্ব শাখাৰ ল’ৰাৰ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে অসমৰ কৃতাৰ্থ তামুলী, প্ৰশান্ত বৰা, শ্ৰীমন্ত গগৈ, অভয় ভৰালী , চান্দোগ্য টি পাঠক, নিব্ৰাছ কে হুছেইন, আযমন কোঁৱৰ আৰু আয়ান কাশ্যপে । ইফালে, এই শাখাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰা অন্য ৰাজ্যৰ খেলুৱৈসকল হ’ল চৈয়দ হুছেইন, প্রিয়দর্শন প্রধান, কিশোৰ শ্ৰীৰাম, ৰোছাংকিমা হলণ্ডো, , ঋষিকেশ মানে, কীৰ্ত্তন বিশ্বাস, আহান পাটিল আৰু হিত কন্দোৰিয়া।
ইফালে, ছোৱালীৰ ১৪ বছৰ অনূর্ধ্ব শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে অসমৰ নীকিতা কান্দ আৰু নায়েম হুছেইনে । ওড়িছাৰ আৰাধ্যা বাময়ো জয়লাভ কৰিছে । অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি নিশালৈ মেচ অনুষ্ঠিত হ’ব । ইফালে, সোমবাৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰে অইল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক অতীন্দ্ৰ ৰয়চৌধুৰীয়ে । উল্লেখ্য যে ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৩৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments