Tuesday, October 4, 2022
HomeNewsঅইল ইণ্ডিয়াৰ দ্বাৰা 'সক্ষম চাইক্লথন ২০২২'ৰ আয়োজন

অইল ইণ্ডিয়াৰ দ্বাৰা ‘সক্ষম চাইক্লথন ২০২২’ৰ আয়োজন

অইল ইণ্ডিয়াৰ দ্বাৰা ‘সক্ষম চাইক্লথন ২০২২’ৰ আয়োজন

অলিম্পিয়া প্ৰতিবেদন: যোৱা ১৭ এপ্ৰিলত গুৱাহাটী, নগাঁও আৰু তেজপুৰত অইল ইণ্ডিয়া লিমিটেড (পাইপলাইন হেডকোৱাৰ্টাৰছ, গুৱাহাটী) ৰ দ্বাৰা সক্ষম চাইক্লথন অনুষ্ঠিত কৰা হয় । ইয়াত মুঠ ৫০০ জন (গুৱাহাটীত ৩০০ জন চাইকেল আৰোহী; নগাঁৱত ১০০ চাইকেল আৰোহী আৰু তেজপুৰত ৩০০ জন চাইকেল আৰোহী) য়ে একেলগে চাইকেল চলাই অংশগ্ৰহণ কৰে । সক্ষম (সংৰক্ষণ ক্ষমতা মহোৎসৱ), হৈছে পি.চি.আৰ.এ. ৰ মুখ্য বার্ষিক জন-সজাগতা অভিযান । ইয়াৰ জৰিয়তে নাগৰিক সকলক স্বাস্থ্য আৰু পৰিৱেশ সুৰক্ষাৰ বাবে ইন্ধন সংৰক্ষণত অংশগ্ৰহণ কৰিবলৈ আৰু ভাৰতক খাৰুৱা তেল আমদানিৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্রাস কৰাত সহায়ক হ’বলৈ আহ্বান জনোৱা হয়। পিচিআৰএ (পেট্ৰ’লিয়াম কনজাৰ্ভেচন ৰিচাৰ্ছ এচ’চিয়েচন), হৈছে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনত স্থাপিত এক পঞ্জীকৃত অনুষ্ঠান, যিয়ে ২০১৭ চনৰ পৰা এনে ধৰণৰ চাইক্লথন আয়োজন কৰি আহিছে ।একেধৰণৰ চাইক্লথন সমগ্ৰ ভাৰতৰ ৩০০ খন চহৰত আয়োজন কৰা হয় ।

আৰু অধিক পঢ়ক

পিচিআৰএ (পেট্ৰ’লিয়াম কনজাৰ্ভেচন ৰিচাৰ্ছ এচ’চিয়েচন) ৰ দ্বাৰা অইল ইণ্ডিয়া লিমিটেড (পাইপলাইন হেডকোৱাৰ্টাৰচ, নাৰেংগী) ক গুৱাহাটী, নগাঁও আৰু তেজপুৰত চাইক্লথন আয়োজন কৰিবলৈ আৱণ্টন দিয়া হৈছে । “পেডেল ফৰ এ চেঞ্জ” নামৰ এটা বেচৰকাৰী সংগঠনৰ সহযোগত তেওঁলোকে এই অনুষ্ঠানৰ আয়োজন কৰিছে। লগতে গুৱাহাটীত চাইক্লিং কমিউনিটি, তেজপুৰত “তেজপুৰ চাইক্লাৰচ”, আৰু নগাঁৱত “নগাঁও চাইক্লিষ্ট” নামৰ সংগঠনে স্থানীয় সমর্থন আগবঢ়াইছে ।
গুৱাহাটীত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্য মহাপ্ৰৱন্ধক (অইল, পাইপলাইন চাৰ্ভিচেছ) অভিজিত বৰগোহাঁয়ে গুৰুতৰ ৰোগৰ পৰা সুৰক্ষিত থকাৰ ক্ষেত্ৰত নিয়মীয়া শাৰীৰিক ক্রিয়াকলাপৰ প্ৰয়োজনীয়তা সম্পর্কে কয় যে শাৰীৰিক শ্রমবিহীন জীৱনশৈলীত স্বাস্থ্য সমস্যাৰআশংকা হ্রাস কৰাত নিয়মীয়াকৈ চাইকেল চলোৱাটো এক সর্বশ্রেষ্ঠ উপায় ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

তেওঁ লগতে কয় যে চাইকেল চলোৱা হৈছে এক স্বাস্থ্যকৰ, কম কষ্টকৰ ব্যায়াম যাক সৰু-ডাঙৰ সকলো বয়সৰ লোকে উপভোগ কৰিব পাৰে । ই আমোদজনক আৰু কম খৰচী হোৱাৰ উপৰি পৰিবেশৰ বাবেও ভাল। চাইক্লথনৰ সময়ত উপস্থিত থকা জেনেৰেল মেনেজাৰ (এডমিনিষ্ট্ৰেচন এন্দ ই. আৰ) মাধুৰ্য্য বৰুৱাই কৰ্মক্ষেত্ৰলৈ চাইকেল চলাই যোৱাৰ গুৰুত্ব সম্পর্কে কয় যে দৈনন্দিন ৰুটিনৰ সৈতে নিয়মীয়া ব্যায়ামক একত্ৰিত কৰাৰ ই এটা আটাইতকৈ সময় ৰাহিকৰ উপায় । তেওঁ লগতে কয় যে দিনত কমেও ৩০ মিনিট সময় চাইকেলেৰে ব্যায়াম কৰিলে কার্ডিওভাস্কুলাৰ আৰু পেশীৰ সহনশীলতা বৃদ্ধি হয় । এই বছৰৰ বিষয়বস্তু হৈছে “পৰিষ্কাৰ আৰু প্ৰাকৃতিক শক্তিৰ জৰিয়তে আজাদী কা অমৃত মহোৎসৱ”। এই মহোৎসৱ ১১ এপ্ৰিলত আৰম্ভ কৰা হৈছে আৰু ৩০ এপ্ৰিলত সমাপ্ত হ’ব ।এই সময়ছোৱাত গুৱাহাটী, নগাঁও আৰু তেজপুৰ- এই তিনিটা স্থানত চাইক্লথনৰ উপৰি গুৱাহাটীত ৱাকাথন, ৰন্ধন প্ৰতিযোগিতা, গ্রুপ টক্ আদি বিভিন্ন ক্রিয়াকলাপৰ আয়োজন কৰা হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments