Tuesday, October 4, 2022
HomeNewsঅইল- এ এছ জে এ ক্রীড়া বঁটা প্ৰদান

অইল- এ এছ জে এ ক্রীড়া বঁটা প্ৰদান

অইল- এ এছ জে এ ক্রীড়া বঁটা প্ৰদান

অলিম্পিয়া প্ৰতিবেদন: অসম ক্রীড়া সাংবাদিক সন্থাই ইতিমধ্যে ঘোষণা কৰা অইল- এ এছ জে এ
ক্রীড়া বঁটা বৃহস্পতিবাৰে গুৱাহাটীৰ লেণ্ডমার্ক হোটেলত হোৱা এক অনুষ্ঠানত আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় ৷
উল্লেখ্য যে এইবাৰ বৰ্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছে বার্মিংহাম কমনৱেলথ গেমছত দেশৰ হৈ ঐতিহাসিক
সোণ লাভ কৰা লন বল খেলুৱৈ নয়নমণি শ‍ইকীয়াই ।

অনুষ্ঠানত খেলুৱৈগৰাকীক ৫০ হেজাৰ টকাৰ চেক, ট্ৰফী, গামোছা আৰু প্ৰশস্তিপত্ৰৰে আৰ জি বৰুৱা বৰ্ষ শ্রেষ্ঠ ক্রীড়াবিদ সন্মান প্ৰদান কৰা হয় ৷ ইফালে, এন এন সিনহা শ্ৰেষ্ঠ জুনিয়ৰ ক্ৰীড়াবিদৰ বঁটা প্ৰদান কৰা হয় সাঁতোৰবিদ আস্থা চৌধুৰীক । এই বঁটাত আছিল ২৫ হেজাৰ টকাৰ চেক, ট্ৰফী, গামোছা আৰু এখন প্ৰশস্তিপত্ৰ ৷ আস্থাৰ হৈ এই বঁটা গ্ৰহণ কৰে আস্থাৰ মাতৃ আৰু আইতাকে । নুৰুল আমিন বছৰৰ শ্ৰেষ্ঠ দলৰ বঁটা অইল ইণ্ডিয়া এফ চি (ফুটবল)ক প্রদান কৰাৰ বিপৰীতে পুলিন দাস জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হয় প্রবীণ ক্রীড়া সাংবাদিক তথা ক্রীড়া সংগঠক বলেন্দ্র মোহন চক্ৰৱৰ্তীক ।

ইফালে, ৰাষ্ট্ৰীয় অভিলেখধাৰী খেলুৱৈ অম্লান বৰগোহাঁইলৈ জুৰীৰ বিশেষ বঁটা প্ৰদান কৰা হয় । অম্লানৰ হৈ পিতৃয়ে লাভ গ্রহণ এই বঁটা । আনহাতে, তিনিগৰাকী প্ৰতিভাবান ক্রীড়াবিদ চাহিল দে (দবা), প্রিয়ানুজ ভট্টাচার্য (টেবুল টেনিছ) আৰু উপাশা তালুকদাৰ (জিমনাষ্টিক) ক অসম ক্রীড়া সাংবাদিকতা শতবার্ষিকী বৃত্তি প্রদান কৰা হয় । তেওঁলোকক ১০ হেজাৰ টকাকৈ দিয়া হয় ।

এই অনুষ্ঠানত প্ৰাক্তন খেলুৱৈ তৈয়াবুন নিছা, প্রাক্তন বেডমিণ্টন খেলুৱৈ মাধুৰ্য্য বৰুৱা, প্ৰাক্তন ফুটবলাৰ টচেন বৰা, প্রাক্তন সাঁতোৰবিদ মিঠু বৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ তানিয়া চৌধুৰীকো সম্বৰ্ধনা জনোৱা হয় । আনহাতে, অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, অইলৰ ডি জি এম দেৱজ্যোতি বসুমতাৰী, কলকাতা থাণ্ডাৰবছৰ অধ্যক্ষ পৱন কুমাৰ পাটোদিয়া আৰু অ’ এন জি চিৰ জনসম্পৰ্কৰক্ষী বিষয়া স্মৃতি বন্দনা দাস ।

অনুষ্ঠানত অসম ক্রীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধ মল্ল বৰুৱাই উদ্বোধনী ভাষণত এ এছ জে এৰ যাত্ৰা আৰু ১৯৯১ চনত ক্রীড়াবিদসকলক উৎসাহিত কৰাৰ বাবে আৰম্ভ কৰা বঁটা প্ৰদান অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰে । সভাখনত আঁত ধৰে বিদ্যুৎ কলিতা আৰু প্ৰাৰ্থনা হাজৰিকাই । উল্লেখ্য যে যোৱা দুই জুলাইৰ পৰা বিভিন্ন কাৰ্যসূচীৰে অসমত ক্রীড়া সাংবাদিকতাৰ শতবার্ষিকী উদযাপন কৰি আহিছে এ এছ জে এ ।

এই বৰ্ষজোৰা কাৰ্যসূচীৰে অন্যতম অনুষ্ঠান হৈছে অইল- এ এছ জে এ ক্রীড়া বঁটা। বিগত ক্রীড়া কেলেণ্ডাৰ বৰ্ষত আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, মণ্ডল, আঞ্চলিক আৰু ৰাজ্যিক পৰ্যায়ৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিত বঁটাপ্ৰাপকসকলক নির্বাচিত কৰা হৈছে। অইল-এ এছ জে এ ক্রীড়া বঁটাৰ প্ৰধান পৃষ্ঠপোষক অইল ইণ্ডিয়া লিমিটেড । ইয়াৰ উপৰি অ’ এন জি চি, ষ্টেট বেংক অৱ ইণ্ডিয়া, টপচেম চিমেণ্ট, কলকাতা থাণ্ডাৰবল্টছ, অসম অলিম্পিক সন্থা, অসম ক্রিকেট সন্থা আদিয়ে সহযোগ কৰিছে । এই বাতৰি প্ৰেৰণ কৰিছে অসম ক্রীড়া সাংবাদিক সন্থাৰ সম্পাদক ইমতিয়াজ আহমেদে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments