অক্টোবৰৰ পৰা আল্টিমেট খো-খো লীগ

অলিম্পিয়াৰ প্ৰতিবেদক ঃ প্ৰ’ কাবাডী লীগৰ দৰে ভাৰতৰ অন্যতম প্ৰাচীন খেল খো-খোৰো প্ৰফেছনেল লীগ আৰম্ভ হ’ব চলিত বৰ্ষৰ অক্টোবৰত। ভাৰতীয় খো-খো ফেডাৰেচনৰ সভাপতি সুধাংশু মিট্টালে এই উপলক্ষে আয়োজিত এখন সংবাদ মেলত কয় যে প্ৰথমবাৰৰ বাবে দেশত আৰম্ভ কৰিবলগীয়া খো-খো লীগ জনা যাব আল্টিমেট খো-খো অক্টোবৰৰ পৰা আল্টিমেট খো-খো  লীগ হিচাপে। লীগৰ প্ৰথম সংস্কৰণত থাকিব আঠটা ফ্ৰেঞ্চাইজী। দেশৰ মুখ্য চহৰবোৰৰ নামেৰে লীগত ভাগ ল’বলগীয়া দলবোৰৰ নামকৰণ কৰা হ’ব। প্ৰাৰম্ভিক পৰ্যায়ত আঠটা দলত ভাৰতৰ লগতে ইংলেণ্ড, দক্ষিণ কোৰিয়া, ইৰান, বাংলাদেশ, নেপাল আৰু শ্ৰীলংকাৰ আগশাৰীৰ খেলুৱৈ থাকিব। লগতে দলকেইটাত ভৰতৰ অনূৰ্ধ্ব ১৯ আৰু ২১ বছৰৰ খেলুৱৈক স্থান দিয়া হ’ব। লীগৰ নিয়ম অনুসৰি   খেলবোৰ অনুষ্ঠিত কৰা হ’ব ইনড’ৰ হলৰ বিশেষ মেটত। ২১ দিনৰ লীগত ডাবল ৰাউণ্ড ৰবীন পদ্ধতিত মুঠতে ৬০খন খেল অনুষ্ঠিত হ’ব। প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰতিটো দলত থাকিব ১২জনকৈ খেলুৱৈ আৰু দলত বিদেশী খেলুৱৈৰ সংখ্যা কিমান হ’ব, তাৰ সিদ্ধান্ত পিছত লোৱা হ’ব। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আধাৰত দেশত প্ৰথমবাৰৰ বাবে হ’বলগীয়া আল্টিমেট খো-খো লীগৰ প্ৰথম সংস্কৰণত ডাবৰ ইণ্ডিয়া কোম্পানীয়ে বিনিয়োগ কৰিব দহ  লীগ হিচাপে। লীগৰ প্ৰথম সংস্কৰণত থাকিব আঠটা ফ্ৰেঞ্চাইজী। দেশৰ মুখ্য চহৰবোৰৰ নামেৰে লীগত ভাগ ল’বলগীয়া দলবোৰৰ নামকৰণ কৰা হ’ব। প্ৰাৰম্ভিক পৰ্যায়ত আঠটা দলত ভাৰতৰ লগতে ইংলেণ্ড, দক্ষিণ কোৰিয়া, ইৰান, বাংলাদেশ, নেপাল আৰু শ্ৰীলংকাৰ আগশাৰীৰ খেলুৱৈ থাকিব। লগতে দলকেইটাত ভৰতৰ অনূৰ্ধ্ব ১৯ আৰু ২১ বছৰৰ খেলুৱৈক স্থান দিয়া হ’ব। লীগৰ নিয়ম অনুসৰি   খেলবোৰ অনুষ্ঠিত কৰা হ’ব ইনড’ৰ হলৰ বিশেষ মেটত। ২১ দিনৰ লীগত ডাবল ৰাউণ্ড ৰবীন পদ্ধতিত মুঠতে ৬০খন খেল অনুষ্ঠিত হ’ব। প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰতিটো দলত থাকিব ১২জনকৈ খেলুৱৈ আৰু দলত বিদেশী খেলুৱৈৰ সংখ্যা কিমান হ’ব, তাৰ সিদ্ধান্ত পিছত লোৱা হ’ব। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আধাৰত দেশত প্ৰথমবাৰৰ বাবে হ’বলগীয়া আল্টিমেট খো-খো লীগৰ প্ৰথম সংস্কৰণত ডাবৰ ইণ্ডিয়া কোম্পানীয়ে বিনিয়োগ কৰিব দহ কোটি টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *