Friday, September 30, 2022
HomeNewsঅচিৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহানগৰ হ’ব আহমেদাবাদ ঃ

অচিৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহানগৰ হ’ব আহমেদাবাদ ঃ

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ থীম ছং, মেস্কট উন্মোচন

অলিম্পিয়া প্ৰতিবেদন: আহমেদাবাদ চহৰ অচিৰে বিশ্বৰ বৃহত্তম ক্ৰীড়া মহানগৰ হিচাপে পৰিগণিত হ’ব ৷ এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ গুজৰাটত দেওবাৰে ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ থীম ছং আৰু মেস্কট উন্মোচন কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয়, ‘‘ ১০ বছৰ আগতে মোডীজী ইয়াত প্ৰধান মন্ত্ৰী হৈ থকাৰ সময়ত খেল মহাকুম্ভ আৰম্ভ কৰিছিল ৷

সেই সময়ত বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত গুজৰাটৰ নামেই নাছিল ৷ এতিয়া আমাৰ বিশ্বৰ সৰ্ববৃহ। ষ্টেডিয়াম নৰেন্দ্ৰ মোডী ষ্টেডিয়াম আছে ৷ অতি সোনকালে ইয়াক আমি বিশ্বৰ বৃহত্তম ক্ৰীড়া মহানগৰৰূপে গঢ়ি তুলিম ৷’’ আহমেদাবাদৰ ইকা এৰেনা ট্ৰেন্সষ্টেডিয়াত ১০ হেজাৰৰো অধিক লোকৰ সমাবেশত ভাষণ দিয়ে শ্বাহে ৷
গান্ধী নগৰৰ সাংসদ গৃহমন্ত্ৰী গৰাকীৰ লগতে আটকধুনীয়া অনুষ্ঠানত উপস্থিত থাকে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় যুৱকল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ ৷

দেশৰ এই বৃহৎ ক্ৰীড়া সমাৰোহ অহা ২৯ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰলৈ গুজৰাটৰ ৬ খন চহৰত অনুষ্ঠিত হ’ব ৷ অনুষ্ঠানত ভাষণ দি গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয়, ‘‘ এসময়ত আমাৰ গুজৰাটী মানুহক সকলোৱে ব্যৱসায়ী হিচাপে চিনি পাইছিল ৷ কিন্তু ১১ বছৰৰ পূৰ্বে মোডীজীয়ে খেল মহাকুম্ভ ইমান ব্যাপক ৰূপত আৰম্ভ কৰে যে প্ৰায় ৫৫ লাখ যুৱক-যুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰে ৷

আমি আনকি বিজয়ীসকলক ২৯ কোটি টকাৰ প্ৰাইজমানি দিব লগা হৈছিল ৷’’ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, ‘‘ ৭ বছৰৰ মুৰত পুনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হোৱাত আমি সকলো আনন্দিত হৈছো ৷ এইবাৰ এই ক্ৰীড়া সমাৰোহ বৃহৎ ৰূপত অনুষ্ঠিত হ’ব ৷ সাধাৰণতে এনেধৰণৰ ক্ৰীড়া সমাৰোহ আয়োজন কৰিবলৈ কেইবা বছৰো লাগে যদিও গুজৰাটে মাত্ৰ তিনিমাহৰো কম সময়ৰ ভিতৰতে এয়া কৰি দেখুৱালে ৷

ইয়াৰ বাবে ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰিবই লাগিব ৷ এই ক্ৰীড়া সমাৰোহত ১২ হেজাৰৰো অধিক খেলুৱৈ, বিষয়ববীয়া আৰু ছাপৰ্ট ষ্টাফে অংশগ্ৰহণ কৰিব ৷’’
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ থীম ছং ‘জোৰেগা ইণ্ডিয়া, জিটেগা ইণ্ডিয়া’ ত কণ্ঠ নিগৰাইছে বলীউডৰ তাৰকা শিল্পী সুখবিন্দৰ সিঙে ৷ ইফালে গুজৰাটৰ সিংহ ‘ছাভাজ’ক লৈ নিৰ্মাণ কৰা হৈছে মেস্কট অথবা শুভংকৰ প্ৰতীক ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments