Monday, July 4, 2022
HomeNewsঅঞ্জনা, ৰ'দালী, জয়ন্ত, কবিতা, এলেনক চৰকাৰী চাকৰিত মকৰলত দাবী

অঞ্জনা, ৰ’দালী, জয়ন্ত, কবিতা, এলেনক চৰকাৰী চাকৰিত মকৰলত দাবী

অলিম্পিয়া প্ৰতিবেদন

জাতীয় মহিলা ফুটবল দলৰ হৈ দক্ষিণ এছিয়া ফুটবল চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা অঞ্জনা শইকীয়া, দক্ষিণ এছিয়া ক্ৰীড়াৰ টাইকোৱানডোত সোণৰ পদক বিজয়ী ৰ’দালী বৰুৱা, বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপৰ পদক জয়ী অলিম্পিয়ান জয়ন্ত তালুকদাৰ, এছিয়ান ফেন্সিং চেম্পিয়নশ্বিপৰ পদক জয়ী কবিতা দেৱী আৰু ৰাষ্ট্ৰীয় ফুটবলৰ এলেন দেউৰীক চৰকাৰী চাকৰিত মকৰলৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে অসম ক্ৰীড়া সাংবাদিক ক্ৰীড়া কল্যাণ সন্থাই ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ১৯ জুলাইত অলিম্পিক , এছিয়া ক্ৰীড়া, কমলৱেলথ গেমছ, বিশ্ব চেম্পিয়নশ্বিপ তথা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদক জয়ীক শিক্ষা আৰু অৰ্হতা অনুসৰি সংন্থাপন (চাকৰি) দিব বুলি কৰা ঐতিহাসিক ঘোষণাৰ আধাৰতেই উল্লেখিত ক্ৰীড়াবিদ কেইগৰাকীক চৰকাৰী চাকৰিত মকৰল কৰাৰ পোষকতা কৰি সন্থাৰ সভাপতি কুমুদ তালুকদাৰ, সাধাৰণ সম্পাদক হিলদুল গগৈয়ে কয়, ” মুখ্যমন্ত্ৰীৰ এই ঐতিহাসিক ঘোষণা বাস্তৱায়িত কৰিলে আৰু বৰ্তমানেও চৰকাৰী সংস্থাপন লাভৰ আশাত প্ৰচেষ্টা অব্যাহত ৰখা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ কেইগৰাকীয়ে সংস্থাপন লাভ কৰিলেহে উঠি অহা প্ৰজন্মই ক্ৰীড়াক পেচা হিচাপে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হ’ব ।”

উল্লেখ্য যে, দেশৰ হৈ যিকোনো আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত সোণ জয় কৰা অসমৰ একমাত্ৰ ফুটবলাৰ অঞ্জনা শইকীয়াই পুলিচ কনিষ্টবলৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ফুটবলাৰ গৰাকীয়ে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ শিতানত শূন্য নম্বৰ লাভ কৰাত উদ্বিগ্নতা প্ৰকাশ কৰি সন্থাই এই সম্পৰ্কত ৰাজ্যৰ আৰক্ষী সঞ্চালক গৰাকীক বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ আহ্বান জনায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments