অলিম্পিয়াৰ প্ৰতিবেদন
টকিঅ’ অলিম্পিকত জেভলিন থ্ৰ’ত স্বৰ্ণ পদক জয় কৰি ইতিহাস ৰচনা কৰা নীৰজ চোপ্ৰাৰ পৰৱৰ্তী লক্ষ্য ৯০ মিটাৰ । টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰ থ্ৰ’ কৰি স্বৰ্ণ পদক লাভ কৰা নীৰজৰ বাবে এই দুৰত্বৰ সীমা বৃদ্ধি কৰাটো অতি প্ৰয়োজন । পৰৱৰ্তী প্ৰতিযোগিতাত পদক লাভৰ বাবে নীৰজে ৯০ মিটাৰতকৈ অধিক থ্ৰ’ কৰিব লগিব । যদি তেনে নহয় তেন্তে নীৰজৰ বাবে পদক অৰ্জন সহজ হৈ নুঠিব ।
বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছ আৰু টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী চেক গণৰাজ্যৰ জাকুব ভালেচে শেহতীয়াকৈ ১৩ মে’ত সম্পন্ন হোৱা ডায়মণ্ড লীগত ৯০ মিটাৰতকৈ অধিক থ্ৰ’ কৰিছে । এণ্ডাৰছনে প্ৰতিযোগিতাখনত ৯৩.০৭ মিটাৰ আৰু জাকুব ভালেচে ৯০.৮৮ মিটৰ থ্ৰ’ কৰিছে । গতিকে নীৰজৰ বাবেও এতিয়া লক্ষ্য হৈ পৰিছে ৯০+ ।
নীৰজ চোপ্ৰাই ছিজনৰ আৰম্ভণিতে তেওঁৰ প্ৰতিদ্বন্দ্বীয়ে ৯০ মিটাৰৰো অধিক থ্ৰ’ কৰাৰ বাবে চিন্তিত নহয় বুলি উল্লেখ কৰি কৈছে যে তেওঁ এই বছৰ ৯০ মিটাৰ থ্ৰ’ কৰিব বিচাৰে ।
তুৰস্কত অনুশীলন অব্যাহত ৰখা নীৰজ চোপ্ৰাই এক ভাৰ্ছুৱেল অনুষ্ঠানত কৈছে, “দূৰত্বৰ চাপ মই লোৱা নাই । পিটাৰ এণ্ডাৰছন আৰু জাকুবে বহু কষ্ট কৰিছে । যাৰ বাবে তেওঁলোকে অতি উন্নত প্ৰদৰ্শন কৰিছে । মোৰ সপোন হৈছে ৯০ মিটাৰ অতিক্ৰম কৰা আৰু মই এই বছৰ তাৰ বাবে চেষ্টা কৰিম ।”
নীৰজে আনৰ ৰেকৰ্ড অনুসৰণ কৰা বা আনে সৃষ্টি কৰা ৰেকৰ্ড ভংগ কৰাৰ কথা চিন্তা নকৰে বুলিও উল্লেখ কৰি কয়, “মোৰ মনোযোগ কেৱল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ ওপৰত ।”
উল্লেখ্য যে অলিম্পিক স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাই বৰ্তমান তুৰস্কৰ এণ্টালিয়াত প্ৰশিক্ষক ক্লাউছ বাৰ্টনিয়েজৰ সৈতে অনুশীলন কৰি আছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিগত প্ৰদৰ্শন আছিল ৮৮.০৭ মিটাৰ । নীৰজে ফিনলেণ্ডত ছিজনৰ প্ৰথমখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । এই প্ৰতিযোগিতাখন অতি আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা আছে । কিয়নো এই প্ৰতিযোগিতাত নীৰজে পিটাৰ্ছ এণ্ডাৰছন আৰু জাৰ্মানীৰ জোহানেছ ভেটাৰৰ মুখামুখি হ’ব ।
তেওঁলোকে ইতিমধ্যে ৯০ মিটাৰতকৈ অধিক থ্ৰ’ কৰিছে । ইয়াৰ পিছতে নীৰজে জুনত ফিনলেণ্ডত কুৰটেন গেমছত অংশগ্ৰহণ কৰিব । য’ত তেওঁ যোৱা বছৰ তৃতীয় স্থান লাভ কৰিছিল । নীৰজে এই কেইখন প্ৰতিযোগিতাৰ উপৰি কমনৱেল্থ গেমছত স্বৰ্ণ জয়ৰ লক্ষ্যৰে অনুশীলন অব্যাহত ৰাখিছে ।