Thursday, July 7, 2022
HomeNewsঅনলাইন গেমে কৰিলে প্ৰায় দুশ বিলিয়ন ডলাৰৰ ব্যৱসায়

অনলাইন গেমে কৰিলে প্ৰায় দুশ বিলিয়ন ডলাৰৰ ব্যৱসায়

২৮ মে’, গুৱাহাটী : প্ৰযুক্তিৰ দ্ৰুত সম্প্ৰসাৰণৰ লগে লগে ক্ৰীড়া জগতখনলৈও নামি আহিল বিভিন্ন পৰিৱৰ্তন। ১৯৭০ ৰ দশকৰ পৰাই ভিডিঅ’ গেমে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৭০ ৰ দশকৰ পিছৰে পৰা এই ভিডিঅ’ গমে বোৰে ব্যৱসায়িকভাৱে যথেষ্ট লাভালাভৰ সন্মুখীন হয়। মাত্ৰ চাৰিটা দশকৰ পিছতেই এই জগতখনে বিলিয়ন ডলাৰৰ ঘৰত ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। যোৱাটো বৰ্ষত সমগ্ৰ বিশ্বত এই গেমিং উদ্যোগে ১৮০ বিলিয়ন ডলাৰৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। ২০২০ বৰ্ষত এই উদ্যোগে বিশ শতাংশ ৰাজহ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল।

আটাইতকৈ আশ্চৰ্যজনক কথাটো হ’ল যে এই ভিডিঅ’ গেমৰ উদ্যোগটোৱে বিশ্বব্যাপী ক্ৰীড়া আৰু চলচ্চিত্ৰতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল। ভিডিঅ’ গেমৰ এই জনপ্ৰিয়তা আৰু ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ২০২০ বৰ্ষৰ লকডাউনে প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে বুলি এক ধাৰণা কৰা হৈছে যদিও প্ৰকৃততে ই আংশিকভাৱেহে সত্য। লকডাউন আৰু কৰ’না আক্ৰান্ত ৰোগী কোৱাৰেণ্টাইন হৈ থকাৰ বাবে নিশ্চিতভাৱে গেমিং উদ্যোগত প্ৰভাৱ পৰিছিল কিন্তু কৰ’না সৃষ্ট পৰিবেশৰ বহু আগতে, ভিডিঅ’ গেমবোৰে যুৱ প্ৰজন্মৰ মাজত মনোৰঞ্জনৰ আটাইতকৈ জনপ্ৰিয় মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিছিল।

মন কৰিবলগীয়া যে ২০১৯ চনত এই উদ্যোগৰ মুঠ ৰাজহ আছিল ১৩৯ বিলিয়ন ডলাৰ। অবিশ্বাস্য যেন লাগিলেও আমেৰিকাৰ ট্ৰেড পাব্লিকেচন এডউইকৰ মতে এই ৰাজহ আমেৰিকাৰ নেচনেল ফুটবল লীগ, NBA (National basketball association), MLB (Major League Baseball) আৰু NHL (National Hockey League) এই আটাইকেইটাৰ ৰাজহৰ মুঠ সংখ্যাতকৈ অধিক আছিল।

কৰ’না মহামাৰীৰ বাবে ২০২০ চনৰ পৰাই বহু গুৰুত্বপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বাতিল হোৱাৰ লগতে অলিম্পিকৰ দৰে বিশ্ব ক্ৰীড়া প্ৰতিযোগিতাও পিছুৱাই দিবলগীয়া হ’ল। এই সময়ছোৱাত সকলোধৰণৰ ক্ৰীড়াই স্তব্ধ হৈ পৰাত অনলাইন গেমেই হৈ পৰিল ক্ৰীড়া ক্ষেত্ৰত প্ৰচলিত হৈ থকা একমাত্ৰ মাধ্যম। এই সময়ছোৱাত স্পেইনৰ জনপ্ৰিয় লা লিগাই ফিফা-২০ নামেৰে এক ভিডিঅ’ গেম টুৰ্ণামেণ্ট আয়োজন কৰিছিল য’ত লা লিগাৰ ১৮ জনকৈ তাৰকাই খেলিছিল, সেই প্ৰতিযোগিতাখন উপভোগ কৰিছিল ১৭০,০০ অনলাইন অনুৰাগীয়ে। এই অনলাইন প্ৰতিযোগিতাখন স্পেনিছ টিভিত প্ৰচাৰ হৈছিল আৰু ইয়াৰ পৰা কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ ১৫০,০০০ আমেৰিকান ডলাৰ সংগ্ৰহ কৰিছিল।

ভিডিঅ’ গেমিং উদ্যোগৰ কেইটামান মুখ্য প্ৰতিষ্ঠান টেনচেণ্ট, চনি আৰু এপল‌ই প্ৰতি বছৰে কেৱল ভিডিঅ’ গেমিঙৰ বজাৰখনৰ পৰাই কেইবা বিলিয়ন ডলাৰ ৰাজহ উপাৰ্জন কৰে, যাৰ বাবে এই কোম্পানী বোৰ গেমিং ৰাজহৰ ক্ষেত্ৰত সফল ৰাজহুৱা কোম্পানী হৈ পৰে। বিখ্যাত কোম্পানী চনিৰ প্লে’ ষ্টেচন-4 হৈছে বৰ্তমান প্ৰজন্মৰ consoles ৰ ভিতৰত বেষ্ট চেলাৰ। ২০২০ চনত, চনিৰ প্লে’ ষ্টেচন 4-ৰ একক বিক্ৰী ১১২ নিযুত ইউনিটতকৈও অধিক হৈছে। ২০২০ চনত আটাইতকৈ বেছি অনলাইন সন্ধান কৰা সামগ্ৰীবোৰৰ ভিতৰত আছিল নিণ্টেণ্ডো চুইচ আৰু প্লে’ ষ্টেচন ৫। ষ্টেটিষ্টা নামৰ এক সংস্থাই কৰা এক অধ্যয়ন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ১৮ বছৰ উৰ্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ২৪% লোকে একেবাৰে ভিডিঅ’ গেম নখেলে আৰু প্ৰায় ১৮ % ভিডিঅ’ গেম খেলি প্ৰতি সপ্তাহত ছয় ঘণ্টাতকৈ অধিক সময় ব্যয় কৰে।
ইফালে আন এক তথ্যৰ মতে কেৱল আমেৰিকাতে ৬৮% লোকে বিশ্বাস কৰে যে অনলাইন গেম তেওঁলোকৰ পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু দেশখনৰ ৯১% লোকে নিয়মীয়াকৈ ভিডিঅ’ গেম খেলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments