ডিব্ৰুগড়ৰ চাবুৱাত নিৰ্মীয়মান প্ৰস্তাৱিত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ব বিদ্যালয়ৰ শৈক্ষিক কাৰ্যসূচী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত আৰম্ভ হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জে পি বৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত শৈক্ষিক কাৰ্যসূচী শুভাৰম্ভ কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডম্বৰুধৰ নাথে। আনহাতে অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ সদস্য অধ্যাপক কিৰণ হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী।
ক্ৰীড়া বিশ্ববিদ্যালয়খনত নামভৰ্তি কৰা প্ৰথম শিক্ষাৰ্থীসকলৰ বাবে প্ৰথম শৈক্ষিক কাৰ্যসূচীৰ শিৰোনাম দিয়া হৈছে ‘প’ষ্টগ্ৰেজুৱেট ডিপ্লমা ইন স্প’ৰ্টছ ক’চিং’। এই পাঠ্যক্ৰমত বৰ্তমান এথলেটিকছ আৰু ফুটবল অন্তৰ্ভুক্ত কৰা হৈছে।
অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ এইচ চি মহন্ত, শিক্ষক বিভাগসমূহৰ গুৰু, বিভিন্ন বিভাগসমূহৰ মূৰব্বী, বিশ্ববিদ্যালয়খনৰ শাৰীৰিক শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক ড০ মণ্টু বড়ো, অসম অলিম্পিক সন্থাৰ অতিৰিক্ত সম্পাদক নিৰঞ্জন শইকীয়াকে প্ৰমুখ্যে কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।