Wednesday, July 6, 2022
HomeNewsঅনুষ্কাৰ বাদেও বিৰাটৰ ৫ গৰাকী প্ৰাক্তন প্ৰেমিকা ! কোন এই ৫...

অনুষ্কাৰ বাদেও বিৰাটৰ ৫ গৰাকী প্ৰাক্তন প্ৰেমিকা ! কোন এই ৫ গৰাকী মোহময়ী সুন্দৰী চাওঁ আহক

অলিম্পিয়া প্ৰতিবেদন

ক্ৰিকেট আৰু ছবিজগতৰ মোহময়ী অভিনেত্ৰী ! দুয়োখন ভিন্ন ভিন্ন ক্ষেত্ৰৰ মাজত প্ৰেমৰ জৰিয়তে বহু সময়ত দেখিবলৈ পোৱা যায় একাত্ম হোৱাৰ দৃশ্য । এই প্ৰেমৰ মাজত এসময়ত খুবেই চৰ্চিত আছিল বিৰাট কোহলি আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাৰ প্ৰেম কাহিনী । কিন্তু অনুষ্কাৰ বাদেও বিৰাটৰ পূৰ্বতেও আছিল নেকি অন্য অভিনেত্ৰীৰ সৈতে সম্পৰ্ক ? চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন ।

সাক্ষী আগৰৱাল

তামিল ছবিৰ মোহময়ী অভিনেত্ৰী সাক্ষী আগৰৱাল । শুনা মতে এওঁৰ সৈতে আছিল বিৰাটৰ সৈতে প্ৰথম প্ৰেম । এওঁৰ সৈতে সম্পৰ্কত থাকোতে বিৰাটৰ নাছিল কোনো খ্যাতি । বিৰাটৰ ক্ৰিকেট কেৰিয়াৰ আৰম্ভ হোৱাৰ পূৰ্বেই এই সম্পৰ্কও অন্ত পৰে বুলি শুনিবলৈ পোৱা যায় ।

ছাৰা জেন ডিয়াছ

২০০৭ বৰ্ষৰ প্ৰাক্তন মিছ ইণ্ডিয়া তথা মোহময়ী অভিনেত্ৰী ছাৰা জেন ডিয়াছ । এসময়ত এইগৰাকী মোহময়ী অভিনেত্ৰীৰ সৈতে বিৰাটৰ গভীৰ প্ৰেমৰ সম্পৰ্কৰ কথা শুনা যায় । যি সম্পৰ্ক সামাজিক মাধ্যমতো যথেৰ্ষ্ট চৰ্চিত হৈ পৰিছিল । ২০১১ ৰ বিশ্বকাপত ছাৰাক সুখী কৰিবৰ বাবে বিৰাটে বিশ্বকাপলৈ আমন্ত্ৰণ জনাইছিল । কিন্তু ছাৰাই সেই আমন্ত্ৰণ অস্বীকাৰ কৰা বুলিও বিভিন্ন মহলত চৰ্চিত হৈ পৰিছিল ।

সঞ্জনা গালৰাণী

তামিল অভিনেত্ৰী সঞ্জনা গালৰাণী আৰু বিৰাটৰ প্ৰেমৰ গুঞ্জণে এসময়ত সামাজিক মাধ্যমত লগাইছিল তুমুল খলকনি । দুয়োজনকে প্ৰায় টেনিছ খেলাৰ উপৰি দেখা গৈছিল দূৰ ভ্ৰমণত যোৱাৰ দৃশ্যও । কিন্তু সঞ্জনাৰ সৈতেও বিৰাটৰ বেছি দিন নিটিকিল প্ৰেম । অৱশ্যে এই সম্পৰ্কে বিৰাটে কোনোদিন নুখুলিলে মুখ ।

তমন্না ভাটিয়া

বাহুবলী খ্যাত মোহময়ী অভিনেত্ৰী তমন্না ভাটিয়া । বিৰাট আৰু তমন্নাৰ প্ৰেম সম্পৰ্কই এসময়ত লগাইছিল তোলপাৰ । এটি স্মাৰ্ট ফোন বিজ্ঞাপনৰ শ্বুটিঙত চিনাকী হোৱা বিৰাট আৰু তমন্নাৰ মাজত গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক । কিন্তু পৰৱৰ্তী সময়ত এওঁলোকৰ প্ৰেমেও নাপালে পূৰ্ণতা ।

ইজাবেলী লেইট

ব্ৰাজিলৰ মোহময়ী মডেল তথা অভিনেত্ৰী ইজাবেলী লেইট । ব্ৰাজিলৰ এইগৰাকী অভিনেত্ৰীক সম্প্ৰতি দেখা যায় ভাৰতীয় ছবিজগতত । প্ৰাপ্ত খবৰ অনুসৰি এই গৰাকী অভিনেত্ৰীৰ সৈতেও আছিল বিৰাটৰ প্ৰেম সম্পৰ্ক । দুয়োজনৰ গভীৰ সম্পৰ্কৰ কথা বিভিন্ন সময়ত চৰ্চিত যদিও মাত্ৰ দুই বছৰৰ ভিতৰত এই প্ৰেমেও ধৰা দিয়ে বিফল অৱস্থাত ।

৫ গৰাকীকৈ মোহময়ী অভিনেত্ৰীৰ প্ৰেমত বিফল হোৱা বিৰাটে অৱশেষত বিবাহৰ বাবে বিচাৰি লয় অনুষ্কা শৰ্মাক । অনুষ্কাৰ সৈতে সুখী জীৱন কটোৱা বিৰাট আৰু অনুষ্কাৰ বৰ্তমান ভামিকা নামেৰে আছে এগৰাকী কন্যা সন্তান ।
অৱশ্যে প্ৰেম সম্পৰ্কত বিৰাট বিফল হ’লেও ক্ৰিকেটৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন কৰি আহিছে নিজৰ দক্ষতা । প্ৰেম বিফল দুৰ্বলতাই বিৰাটক বহুবাৰ বাধা দিলেও নিজৰ লক্ষ্য স্থিৰ থাকিলে কোনো শক্তিয়ে যে একোজন ব্যক্তিক বাট ভেটিব নোৱাৰে ইয়াৰ জৰিয়তে বিৰাটে দাঙি ধৰিলে এক বিৰাট নিদৰ্শন ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments