Thursday, July 7, 2022
HomeNewsঅনূৰ্দ্ধ-৭ আৰু অনূৰ্দ্ধ-১১ বছৰ দবা প্ৰতিযোগিতা ধান্যতা গোস্বামী আৰু অথৰ্ৱ মহন্ত চেম্পিয়ন

অনূৰ্দ্ধ-৭ আৰু অনূৰ্দ্ধ-১১ বছৰ দবা প্ৰতিযোগিতা ধান্যতা গোস্বামী আৰু অথৰ্ৱ মহন্ত চেম্পিয়ন

অনূৰ্দ্ধ-৭ আৰু অনূৰ্দ্ধ-১১ বছৰ দবা প্ৰতিযোগিতা ধান্যতা গোস্বামী আৰু অথৰ্ৱ মহন্ত চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটী দবা একাডেমীয়ে আয়োজন কৰা অনূৰ্দ্ধ ৭ আৰু অনূৰ্দ্ধ ১১ বছৰ দবা প্ৰতিযোগিতাৰ অনূৰ্দ্ধ ৭ বছৰ শাখাত ধান্যতা গোস্বামীয়ে ৬ ৰাউণ্ডৰ পৰা ৬ পইণ্ট সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰে । পাৰ্থিৱ শংকৰছানাই ৪.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে ।

আৰু অধিক পঢ়ক

প্ৰহৰ্ষ চৌধুৰীয়ে ৩.৫ প‌ইণ্ট অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে । শ্বানায়া ভৌমিক আৰু আৰাধ্যা বক্সীয়ে ৩ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাই-ব্ৰেক স্কৰৰ ভিত্তিত শ্বানায়াক চতুৰ্থ আৰু আৰধ্যাক পঞ্চম ঘোষণা কৰা হয় ।
অনূৰ্দ্ধ ১১ বছৰ শাখাত অথৰ্ৱ মহন্তই ৬ ৰাউণ্ডৰ পৰা ৫.৫ প‌ইণ্ট অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে । নীহাৰ দাসে সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

স্বপ্নীল কৰে ৪.৫ প‌ইণ্টেৰে তৃতীয় স্থান লাভ কৰে । হৃয়ান কৌশিক ঠাকুৰীয়া আৰু ভিভান আৰিজ ঠাকুৰীয়াই ৪ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাই-ব্ৰেক স্কৰৰ ভিত্তিত হৃয়ানক পঞ্চম আৰ ভিভানক ষষ্ঠ ঘোষণা কৰা হয় ।
প্ৰতিযোগিতা খন ৩ জুনৰ পৰা ৫ জুন, ২০২২ লৈ আৰ জি বৰুৱা পথত অৱস্থিত গুৱাহাটী দবাএকাডেমীত অনুষ্ঠিত হৈছিল । অনূৰ্দ্ধ ৭ আৰু অনূৰ্দ্ধ ১১ বছৰ দুয়োটা শাখাত মূঠ ২২ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । ৰাষ্ট্ৰীয় আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য পৰিচালক হিচাপে প্ৰতিযোগিতাখন পৰিচালনা কৰিছিল । এই বাতৰি প্ৰেৰণ কৰিছে
প্ৰণৱ কুমাৰ নাথ,
মুখ্য প্ৰশিক্ষক,
গুৱাহাটী দবা একাডেমী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments