Thursday, July 7, 2022
HomeNewsঅন্ত পৰিল চিটি প্ৰিমিয়াৰ লীগ

অন্ত পৰিল চিটি প্ৰিমিয়াৰ লীগ

অন্ত পৰিল চিটি প্ৰিমিয়াৰ লীগ

অলিম্পিয়া প্ৰতিবেদন: অন্ত পৰিল চিটি প্ৰিমিয়াৰ লীগ ।
দিছপুৰ পেৰেড গ্ৰাউণ্ডত কণ কণ ক্ৰিকেটাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।
মুঠ ১২ টা দলৰ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ ।
ছাব জুনিয়ৰত খেলিলে এটা ছোৱালী দলেও ।

দিছপুৰৰ চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ উদ্যোগত আয়োজিত চিটি প্ৰিমিয়াৰ লীগ চমুকৈ চি পি এলৰ দেওবাৰে সামৰণি পৰে । মুঠ ১২ টা দলে অংশ লোৱা এই লীগত ছাব জুনিয়ৰৰ ৫ টা, জুনিয়ৰৰ চাৰিটা আৰু ছিনিয়ৰৰ ৩ টা দলে ভাগ লয় । ছাব জুনিয়ৰত এটা দল সম্পূৰ্ণ ছোৱালী খেলুৱৈৰে গঠিত আছিল । অৱশ্যে প্ৰতি শনি আৰু দেওবাৰে অনুষ্ঠিত ছিনিয়ৰ গ্ৰুপৰ কেইখনমান মেচ এতিয়াও বাকী আছে । দেওবাৰে ছাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাৰ ফাইনেল মেচ বৰষুণৰ বাবে আধৰুৱা হয় যদিও ফলাফল নিৰ্ণয় কৰা হয় ।

জুনিয়ৰ শাখাত অনুৰাগ মহন্তই টুৰ্নামেন্টৰ শ্ৰেষ্ঠ, ধ্ৰুবাং মহন্ত‌ই শ্ৰেষ্ঠ বেটাৰ, আয়ুস কুমাৰে শ্ৰেষ্ঠ কীপাৰ , শৌৰ্যজিৎ চক্ৰৱৰ্তীয়ে শ্ৰেষ্ঠ বলাৰ, আবু হুৰাৰিয়াই শ্ৰেষ্ঠ ফিল্ডাৰ আৰু ৰাজদ্বীপ কাকতিয়ে শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ বঁটা লাভ কৰে । ছাব জুনিয়ৰ শাখাত ৰাহুল কলিতাই টুৰ্নামেন্টৰ শ্ৰেষ্ঠ, অৰ্জুন ৰাধা বৰাই শ্ৰেষ্ঠ বেটাৰ , চানি আহমেদে শ্ৰেষ্ঠ অলৰাউণ্ডাৰ, ৰুদ্ৰাক্ষ ঋকবেদে শ্ৰেষ্ঠ বলাৰ, আয়ুস লহকৰে শ্ৰেষ্ঠ ফিলডাৰ আৰু ধৃতিমান কাটনিয়ে শ্ৰেষ্ঠ কীপাৰৰ সন্মান লাভ কৰে । মুখ্য প্ৰশিক্ষক গৌতম হাজৰিকাই আঁতধৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ সভাপতি, অৱসৰ প্ৰাপ্ত প্ৰশাসনীয় বিষয়া স্বপ্ননীল বৰুৱা, মেঘালয় ক্ৰিকেট সন্থাৰ কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি ঠাকুৰীয়া , প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰদ্বয় নৱ কোঁৱৰ, আৰক্ষী বিষয়া নৱনীল মহন্ত, সমাজকৰ্মী দেৱাশিস বৰা আৰু অলিম্পিয়া স্পৰ্টছৰ কনছাল্টিং এডিটৰ উদয় বৰগোঁহাই ,

ক্ৰীড়াপ্ৰেমীৰ আশা– চিটি ক্ৰিকেটৰ পৰাই জন্ম হওক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments