অন্ত পৰিল সদৌ অসম পেৰা খেলুৱৈৰ ক্ৰীড়া সমাৰোহ
অলিম্পিয়া প্ৰতিবেদন: অন্ত পৰিল সদৌ অসম পেৰা খেলুৱৈৰ ক্ৰীড়া সমাৰোহ । পদক অৰ্জনৰে জিলিকিল কেইবাগৰাকীও পেৰা খেলুৱৈ । ডিঙিত মেডেল পিন্ধি খেলুৱৈৰ মুখত প্ৰাপ্তিৰ হাঁহি ।যোৱা ৩ আৰু ৪ জুনত অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত সৰুসজাই আৰু গুৱাহাটীৰ কেইবাটাও ভেন্যুত অনুষ্ঠিত হ’ল দ্বিতীয় সংখ্যক সদৌ অসম পেৰা খেলুৱৈৰ ক্ৰীড়া সমাৰোহ ।
শনিবাৰে সৰুসজাইত আয়োজন কৰা হয় এই ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠান । বিহু আৰু গীত মাতত জীপাল হ’ল সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়াম । দুদিনীয়াকৈ অনুষ্ঠিত এই ক্ৰীড়া সমাৰোহত
পেৰা এথলেটিকছ, পেৰা বচ্চিয়া, পেৰা ছুইমিং, পেৰা বেডমিণ্টনত খেলুৱৈসকলে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । ৰাজ্যৰ ১৯ খন জিলাৰ প্ৰায় ১৭৯ গৰাকী খেলুৱৈয়ে দাঙি ধৰিলে নিজস্ব প্ৰদৰ্শন ।
মুঠ ৫০ টা মেডেলৰ বাবে চলিল প্ৰতিযোগিতাৰ দৌৰ । পেৰা খেলুৱৈক এখন সুন্দৰ টুৰ্ণামেন্ট উপহাৰ দিবৰ বাবে অসম পেৰালিম্পিক সন্থাৰ এয়া নিজাববীয়া প্ৰচেষ্টা । এই সম্পৰ্কে মন্তব্য কৰিছে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেই ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
ৰাজ্যৰ প্ৰায়কেইখন জিলাৰ পৰাই আহিল খেলুৱৈ
গোলাঘাটৰ পৰা অহা ১৩ জন প্ৰতিযোগীয়ে অৰ্জন কৰিলে ১৬ টাকৈ মেডেল । বাঁহৰ জেভলিন বনাই, ঘৰত অনুশীলন কৰি একাংশ পেৰা খেলুৱৈয়ে অৰ্জন কৰিলে পদক । এই সম্পৰ্কে মন্তব্য কৰিছে গোলাঘাট জিলা পেৰালিম্পিকৰ সহকাৰী সম্পাদক তথা দলটোৰ মেনেজাৰ পূজা দেৱী শৰ্মাই এইগৰাকী গোলাঘাটৰ খেলুৱৈয়ে পেৰা বেডমিণ্টনত প্ৰতিনিধিত্ব কৰি অৰ্জন কৰিছে পদক ।
প্ৰশিক্ষণৰ অভাৱত ইউটিউব চাই গ্ৰহণ কৰিছে ক্ৰীড়াৰ আদিপাঠ । দৌৰ আৰু হাই জাম্পত স্থান লাভ কৰি আনন্দিত পেৰা খেলুৱৈ আনিস্মিতা কোঁৱৰ । আগলৈয়েো এনে বিজয় ধাৰা অব্যাহত ৰাখিব বুলি আত্মবিশ্বাসী আনিস্মিতা ।
শনিবাৰে এই সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিল লন টেনিছৰ প্ৰাক্তন ৰাজ্যিক খেলুৱৈ ৰিণিকী ভূঞা শৰ্মা । তেওঁ পেৰা খেলুৱৈৰ সৈতে মিলিত হৈ বিতৰণ কৰে মেডেল সমূহ । তেওঁ অসম পেৰালিম্পিক সন্থাৰ এনে সুন্দৰ প্ৰচেষ্টাক শলাগিলে । পোন প্ৰথমবাৰৰ বাবে এচিয়ান পেৰা গেমছলৈ বাছনি হোৱা আনোৱাৰ ছিকদাৰৰ সন্দৰ্ভত মন্তব্য কৰিছে ৰিণিকী ভূঞা শৰ্মাই ।
আনহাতে, আনোৱাৰ ছিকদাৰক প্ৰশিক্ষণৰ বাবে ৬ মাহৰ বাবে বিদেশলৈ পঠোৱাৰ কথা উল্লেখ কৰিলে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেয়ে । উল্লেখযোগ্য যে, এই সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিল বৈশালী ডালমিয়া, সুকন্যা শৰ্মা, ষ্টাৰ চিমেন্টৰ মাৰ্কেটিং হেড অভিজিৎ দত্ত, কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দৰথী চুইচিয়াং আৰু অসম পেৰালিম্পিক সন্থাৰ বিষয় ববীয়াসকল ।
ক্ৰীড়া অনুৰাগীৰ আশা — অসমৰ পেৰা খেলুৱৈসকলে প্ৰতিখন জিলাত লাভ কৰক পৰ্যাপ্ত প্ৰশিক্ষণৰ সুবিধা । এনে ক্ৰীড়া সমাৰোহৰ জৰিয়তে পেৰা খেলুৱৈসকল ক্ৰীড়াক্ষেত্রত দোপদদোপে আগবাঢ়ি যাওক ।