Thursday, July 7, 2022
HomeNewsঅব্যাহত গুৱাহাটী ক্ৰীড়া সন্থাৰ 'চি' ডিভিজন কোৱালিফাইং ৰাউণ্ড

অব্যাহত গুৱাহাটী ক্ৰীড়া সন্থাৰ ‘চি’ ডিভিজন কোৱালিফাইং ৰাউণ্ড

নেহৰু ষ্টেডিয়ামত দুভৰিৰ যাদু । নতুন ফুটবলাৰৰ হট শ্বটত জীপাল ফুটবলৰ মৈদান
। গুৱাহাটী ক্ৰীড়া সন্থাৰ ‘চি’ ডিভিজন কোৱালিফাইং ৰাউণ্ড । ২০ টা ফুটবল দলৰ ক্ৰীড়া প্ৰদৰ্শন ।

সোমবাৰৰ পৰা গুৱাহাটীৰ ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামত অব্যাহত আছে “চি ” ডিভিজন কোৱালিফাইং ৰাউণ্ড । কোভিডজনিত পৰিস্থিতিৰ বাবে দুবছৰ ধৰি স্থগিত হৈ থকা গুৱাহাটী ক্ৰীড়া সন্থাৰ লীগসমূহ পুনৰ আৰম্ভ হৈছে । গুৱাহাটীত স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতামূলক ফুটবল লীগ দুবছৰ বন্ধ হৈ থকাৰ পাছত কোৱালিফাইং ৰাউণ্ডেৰে চাৰি তৰপীয়া জিলা লীগৰ বাবে সাজু হৈছে সন্থা । এইবাৰ অভূতপূৰ্ব সঁহাৰিৰে ২০ টা নতুন দলে অংশ লৈছে কোৱালিফাইং ৰাউণ্ডত । ইয়াৰে দুটা দল ‘চি’ ডিভিজনলৈ উন্নীত হ’ব ।এই সম্পৰ্কে জনালে গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক খনিন দত্তই ,,

উল্লেখযোগ্য যে,১৭ জুনত কোৱালিফাইং ৰাউণ্ডৰ ফাইনেল অনুষ্ঠিত হ’ব ।

১৯ জুনৰ পৰা “চি” আৰু “বি” ডিভিজন লীগ একেলগে নেহৰু ষ্টেডিয়ামত আৰম্ভ হ’ব ।
নেহৰু ষ্টেডিয়ামৰ দুয়োখন গ্ৰাউণ্ডত দুখন খেলেৰে কোৱালিফাইং ৰাউণ্ডৰ সূচনা হৈছে ।

 

মংগলবাৰে দ্বিতীয় দিনা কোৱালিফাইং ৰাউণ্ডত অৱৰ্তীণ হ’ল কে এম এফ চি বনাম লায়ন কৰ্ড । তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ১-০ গলত জয়ী হ’ল কে এম এফ চি ।
ফুটবলাৰৰ দুভৰিৰ ছন্দত ভোল গল ফুটবল অনুৰাগী ।

এই কোৱালিফাইং ৰাউণ্ডৰ পৰা নতুন প্ৰতিভাৰ সৃষ্টি হ’ব বুলি আশাবাদী গুৱাহাটী ক্ৰীড়া সন্থা ।

 

ক্ৰীড়া অনুৰাগীৰ আশা — শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে ‘চি’ ডিভিজনলৈ উন্নীত হওক নতুন দল, নতুন খেলুৱৈ । লীগ মেচৰ জৰিয়তে গুৱাহাটী ক্ৰীড়া সন্থাই যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া নিশ্চিয় আদৰণীয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments