Thursday, July 7, 2022
HomeNewsঅভিযন্তা দিৱস বিশেষ:ভাৰতৰ কেইগৰাকীমান প্ৰখ্যাত খেলুৱৈ যাৰ প্ৰথম পচন্দ আছিল ইঞ্জিনীয়াৰিং

অভিযন্তা দিৱস বিশেষ:ভাৰতৰ কেইগৰাকীমান প্ৰখ্যাত খেলুৱৈ যাৰ প্ৰথম পচন্দ আছিল ইঞ্জিনীয়াৰিং

অলিম্পিয়া বিশেষ প্ৰতিবেদন

১৫ ছেপ্টেম্বৰ দিনটো সমগ্ৰ দেশযুৰি পালন কৰা হয় অভিযন্তা দিৱস হিচাবে। এসময়ৰ প্ৰখ্যাত অভিযন্তা Mokshagundam Visvesvarayaৰ ভাৰতৰ অভিযান্ত্ৰিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁৰ জন্মদিনটোক এইদৰে অভিযন্তা দিৱস হিচাবে পালন কৰা হয়। ভাৰতৰ নিচিনা দেশ এখনত ইঞ্জিনীয়াৰ অভাৱ নাই। প্ৰতি বছৰে শ শ ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী লৈ ওলাই আহে এজাক তৰুণ। বহুতে পিছলৈ এজন সুদক্ষ ইঞ্জিনীয়াৰ হয় অথবা বহুতৰে আকৌ মাজতে জীৱনৰ গতিপথ সলনি হয়। ইঞ্জিনীয়াৰ হ’ম বুলি আশা পুহি ৰখা বহুজনে ইঞ্জিনীয়াৰিঙ পঢ়াৰ সময়ছোৱাতে আকৌ বিচাৰি পায় জীৱনৰ অন্য উদ্দেশ্য। সেয়ে বহু ইঞ্জিনীয়াৰ পিছলৈ অভিনেতা, খেলুৱৈ, গায়ক, ৰাজনীতিবিদ আদি হোৱাৰো নজিৰ তাকৰ নহয়। ক্ৰীড়া জগততো দেখা যায় বহু ইঞ্জিনীয়াৰক। আহকচোন আজি ইঞ্জিনীয়াৰ দিৱসত ভাৰতৰ কেইগৰাকীমান ইঞ্জিনীয়াৰ ক্ৰীড়াবিদৰ বিষয়ে জানো।

১) অনিল কুম্বলে: অনিল কুম্বলে হৈছে ভাৰতৰ প্ৰখ্যাত ইঞ্জিনীয়াৰ খেলুৱৈ। টেষ্টত ৬১৯ আৰু এদিনীয়াত ৩৩৭ টা উইকেট দখল কৰা অনিল কুম্বলে হৈছে ভাৰতৰ হৈ আন্তৰ্জাতিক ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা ক্ৰিকেটাৰ। বেংগালুৰুৰ এইগৰাকী ক্ৰিকেটাৰে ৰাষ্ট্রীয় বিদ্যালয় কলেজ অৱ ইঞ্জিনীয়াৰিঙৰ পৰা মেকানিলেল ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। ১৯৯১-৯১ চনত ইঞ্জিনীয়াৰিঙ ডিগ্ৰী গ্ৰহণ কৰা কুম্বলেৰ উক্ত বৰ্ষতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটতো অভিষেক ঘটে। জীৱনত শিক্ষাৰো যথেষ্ট গুৰুত্ব থকা বুলি বিশ্বাস ৰখা কুম্বলেৰ মতে শিক্ষাই ভাল আৰু বেয়াৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

২) জভাগল শ্ৰীনাথ: ভাৰতৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ পেচ বলাৰ । এইগৰাকী বলাৰে ভাৰতৰ হৈ ১৯৯১ ৰ পৰা ২০০৩ লৈ খেলিছিল। উইকেট দখল কৰিছিল প্ৰায় ৩০০ ৰো অধিক। পিছলৈ এগৰাকী সফল ক্ৰিকেটাৰ ৰূপে পৰিচিত হৈ পৰা শ্ৰীনাথে প্ৰথম অৱস্থাত এজন সফল ইঞ্জিনীয়াৰ হোৱাৰহে সপোন দেখিছিল। মাইচুৰৰ শ্ৰী জয়াশ্বামাৰাজেন্দ্ৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা ইনস্ট্রোমেন্টেল টেকন’লজিত স্নাতক ডিগ্ৰী লাভ কৰিছিল এইগৰাকী ভাৰতৰ সফলতম ক্ৰিকেটাৰে।

৩) ৰবিচন্দ্ৰন অশ্বিন : অফ স্পীনাৰ ৰবিচন্দ্ৰনৰ অশ্বিনৰ নামো আহিব ইঞ্জিনীয়াৰ খেলুৱৈৰ এই তালিকাত। পঢ়া শুনাত অত্যন্ত মেধাৱী অশ্বিনৰো ইচ্ছা আছিল এগৰাকী সফল অভিযন্তা হোৱা। কিন্তু বিধিৰ লিখনত হয়তো সেই কথা নাছিল। মূৰকত অশ্বিন ভাৰতীয় দলৰ এগৰাকী নিৰ্ভৰযোগ্য ক্ৰিকেটাৰ হিচাবে পৰিগণিত হয়গৈ। চেন্নাইৰ এছ এছ এন কলেজ অৱ ইঞ্জিনীয়াৰিঙৰ পৰা ইনফৰ্মেচন টেকনলজিত স্নাতক ডিগ্ৰী লৈছিল অশ্বিনে। ক্ৰিকেটৰ সমান্তৰালকৈ তেওঁ পঢ়া শুনা চলাই গৈছিল। অনুর্ধ ১৭ৰ প্ৰতিযোগিতাত অংশ লোৱাৰ পিছতে পিতৃ মাতৃয়ে ইঞ্জিনীয়াৰিঙত নাম লগাই দিছিল যদিও অশ্বিনে অনুভৱ কৰিছিল ক্ৰিকেট অবিহনে কিমান টান হ’ব তেওঁৰ জীৱন। সেয়ে বিদায় জনাইছিল ইঞ্জিনীয়াৰিঙক।

৪) সাথিয়া নানাচেকেৰণ: ভাৰতৰ টেবুল টেনিছ ক্ষেত্ৰৰ এক উজ্জ্বল তাৰকা সাথিয়া। কমনৱেলথ গেমছৰ দৰে আগশাৰীৰ প্ৰতিযোগিতাত দেশৰ হৈ এটা স্বৰ্ণৰ সৈতে তিনিটাকৈ পদক কঢ়িয়াই অনা এইগৰাকী টেবুল টেনিছ তাৰকাই ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰীও লাভ কৰিছিল। আই টি টি এফ চেলেঞ্জত দুবাৰকৈ স্বৰ্ণ লাভ কৰা এইগৰাকী প্ৰতিভাৱান টেবুল টেনিছ খেলুৱৈ ইনফৰ্মেচন টেকনলজিৰ স্নাতক ডিগ্ৰীধাৰী। চেন্নাইৰ চেইণ্ট যোচেফ কলেজ অৱ ইঞ্জিনীয়াৰিঙৰ পৰা ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী গ্ৰহণ কৰিছিল তেওঁ। বৰ্তমান বিশ্বৰ ৩২ নম্বৰ ৰেংকিঙৰ খেলুৱৈ সাথিয়া।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments