Tuesday, October 4, 2022
HomeNewsঅভিলেখ সৃষ্টিৰে ইউ এছ অপেনত জয়ৰ যাত্ৰা আৰম্ভ কৰিলে চেৰেনাই : পৰাস্ত...

অভিলেখ সৃষ্টিৰে ইউ এছ অপেনত জয়ৰ যাত্ৰা আৰম্ভ কৰিলে চেৰেনাই : পৰাস্ত ভেনাছ উইলিয়ামছ

অলিম্পিয়াৰ প্ৰতিবেদন

এক ঐতিহাসিক বিজয় বুলিলেও হয়তো ভুল কোৱা নহ’ব, যদিও এয়া প্ৰথম ৰাউণ্ডৰ হে বিজয়। ইউ এছ অপেনত অভিলেখ সৃষ্টি কৰি ১০২ খন মেচত জয় লাভ কৰিলে চেৰেনাই। ইয়াৰ লগে লগে ইউ এছ অপেনত পুৰুষ কিম্বা মহিলা উভয় শাখাতে আটাইতকৈ অধিক মেচ জয় কৰাৰ গৌৰৱৰ অধিকাৰী হ’ল চেৰেনা উইলিয়ামছ। আনহাতে যিটো দিনত তেওঁ এই মেচ জয় কৰিবলৈ সক্ষম হৈছে, সেই দিনটোতে আকৌ আছিল চেৰেনাৰ কন্যা অলিম্পিয়াৰ জন্মদিন।

৩৯ বৰ্ষীয় চেৰেনাই প্ৰথম ৰাউণ্ডত Christy Ann ক ৭-৫ আৰু ৬-৩ ৰ পোনপটীয়াকৈ চেটত পৰাস্ত কৰিবলৈ সক্ষম হয়।
‘প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যে উৎসাহ জনাবলৈ দৰ্শক নাছিল। তথাপিও মই নিজকে নিজেই উৎসাহ জনালোঁ।’ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰি এইদৰে কয় চেৰেনাই। উল্লেখ্য যে চেৰেনাৰ বাবে এয়া ২৪সংখ্যক গ্ৰেণ্ড শ্লাম জয় কৰাৰ সুযোগ।

আনহাতে চেৰেনাই প্ৰথম ৰাউণ্ডত জয় লাভ কৰি উৎসাহিত হৈ থকাৰ সময়তে তেওঁৰ ভগ্নী ভেনাছ উইলিয়ামছ প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। তেওঁ কেৰ’লিনাৰ হাতত ৬-৩ আৰু ৭-৫ ৰ পোনপটীয়া চেটত পৰাস্ত হয়। শেহতীয়া পাঁচটা গ্ৰেণ্ড শ্লাম প্ৰতিযোগিতাত ভেনাছে চাৰিবাৰ প্ৰথম ৰাউণ্ডতে বাহিৰ হ’বলগীয়া হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments