Friday, September 30, 2022
HomeNewsঅভিৰুচি ক্ৰীড়া দিৱসত অভিৰুচিৰ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান

অভিৰুচি ক্ৰীড়া দিৱসত অভিৰুচিৰ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান

অভিৰুচি ক্ৰীড়া দিৱসত অভিৰুচিৰ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান

অলিম্পিয়া প্ৰতিবেদন:

গুৱাহাটীত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ খেলুৱৈৰ সমাবেশ । অভিৰুচি ক্ৰীড়া দিৱসত সম্বৰ্ধনা আৰু বটা প্ৰদান অনুষ্ঠান । নৃত্য গীতত জীপাল ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠান ।

অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ৰাজ্যজুৰি পালন কৰিলে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে । অভিৰুচিৰ তৰফৰ পৰাও গুৱাহাটীত কেন্দ্ৰীয় ভাৱে দুদিনীয়াকৈ পালন কৰা এই দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি অভিৰুচিয়ে ৩১ গৰাকী খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰিলে । বিগত বৰ্ষত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৩১ গৰাকী খেলুৱৈক সন্মান জনালে অভিৰুচিয়ে ।
অভিৰুচিয়ে সম্বৰ্ধনা জনোৱা খেলুৱৈসকল হ’ল—- হিমা দাস, বিশাল চাংমাই, অস্মিতা চলিহা, চয়নিকা গগৈ, প্ৰিয়ানুজ ভট্টাচাৰ্য, অগ্নিভ ভাস্কৰ গোহাঁই, কবিতা দেৱী, ললিত মেচ, এ প্ৰিয়া দেৱী, অভিনন্দন গোস্বামী, চানমা ব্ৰহ্ম, চিৰঞ্জিত বড়ো, কাশ্যপী সোণোৱাল, পাৰ্থিৱ সুন্দৰ গগৈ, অপূৰ্ণা নাৰ্জাৰী, জয়ন্ত তালুকদাৰ, আয়ান ৰছিদ, উপাসা তালুকদাৰ, পপী হাজৰিকা, শিৱ থাপা, লাভলীনা বৰগোঁহাই, অংকুশিতা বড়ো, ভাগ্যৱতী কছাৰী, যমুনা বড়ো, মৈত্রী শৰ্মা, নয়নমণি শইকীয়া, মৃদুল বৰগোঁহাই, তানিয়া চৌধুৰী, নিছাদ আলী, হেমফু বংজাং আৰু পৰীক্ষিত সোমানি ।
এই সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত উদিত জিমনাষ্ট উপাসা তালুকদাৰ –অভিৰুচিয়ে প্ৰদান কৰা স্বীকৃতিক শলাগিলে টেনিছ খেলুৱৈ পৰীক্ষিত সোমানিয়ে —

আনহাতে এইবাৰ আৰ জি বৰুৱা ক্ৰীড়া সংগঠকৰ বঁটা প্ৰদান কৰা হয় অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰক । সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙক প্ৰদান কৰা হ’ল ব্যায়ামবীৰ চিদানন্দ দাস সোঁৱৰণী প্ৰশিক্ষক বঁটা । সেইদৰে গোপাল বৰুৱা সোঁৱৰণী উদীয়মান খেলুৱৈৰ বঁটা প্ৰদান কৰা হ’ল টেবুল টেনিছ খেলুৱৈ ধনিষ্ঠা শইকীয়া আৰু বেডমিন্টন খেলুৱৈ শুভ্ৰশ্ৰী স্মিতা বাৰূৱতীক । তদুপৰি,অভিৰুচিৰ তৰফৰ পৰা বঁটা প্ৰদান কৰিলে ৰফিক চৌধুৰী, প্ৰদীপ হাজৰিকা, প্ৰণৱ কুমাৰ শইকীয়া, বিকাশ বৰুৱা, আবেদুৰ ৰহমান, হৰিশ গোস্বামী, বিপুল কুমাৰ চৌধুৰী, সাবিত্রী কলিতা, ডা০ নৰহৰি বৰ্মন আৰু হেমেন চন্দ্ৰ দাসৰ দৰে বিশিষ্ট ক্ৰীড়া সংগঠকক ।

উল্লেখযোগ্য যে বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিল মন্ত্রী ইউ জি ব্ৰহ্ম, প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী ডা: কমলা কলিতা, ক্ৰীড়া সংগঠক গনেশ তামূলী, অভিৰুচিৰ বলেন চক্ৰৱৰ্তী আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল ।

অভিৰুচিৰ এনে পদক্ষেপক শলাগিছে ক্ৰীড়া অনুৰাগীয়ে । এনে পদক্ষেপেৰে খেলুৱৈ তথা ক্ৰীড়া সংগঠকসকলক উৎসাহিত কৰিব বুলি আশাবাদী সকলো ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments