Tuesday, October 4, 2022
HomeNewsঅমানুষিক! 'চক দে' ইণ্ডিয়া'ৰ ৰিয়েল অধিনায়কক মাৰ ধৰ কৰি সলনি কৰি দিলে...

অমানুষিক! ‘চক দে’ ইণ্ডিয়া’ৰ ৰিয়েল অধিনায়কক মাৰ ধৰ কৰি সলনি কৰি দিলে মুখৰ অবয়ব; অৰ্জুন বঁটা বিজয়ী সৰুজ লতাক যৌতুকৰ বাবেই আক্ৰমণ!

শ্বাহৰুখ খানৰ ‘চক দে ইণ্ডিয়া’ বোলছবিখন হয়তো আপুনি নিশ্চয় চাইছে। এই ‘চক দে ইণ্ডিয়া’ বোলছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ আছিল ভাৰতীয় মহিলা হকী দলটোৰ অধিনায়কগৰাকী। বোলছবিখনত অধিনায়কৰ ভূমিকাত অভিনয় কৰিছিল বিদ্যা মালভাৰে। এই অধিনায়কৰ চৰিত্ৰটো কাল্পনিক নাছিল। ২০০২ৰ কমনৱেলথ গেমছত সোণৰ পদক জয় কৰাৰ কাহিনীৰে অনুপ্ৰাণিত হৈ ২০০৭চনত নিৰ্মাণ কৰা হৈছিল বলিউডৰ হিট ছবি ‘চক দে ইণ্ডিয়া’। এই সোণৰ পদক বিজয়ী ভাৰতীয় মহিলা হকী দলটোৰ অধিনায়ক আছ ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক আছিল সুৰজ লতা দেৱী। মণিপুৰৰ সুৰজ লতা দেৱী আছিল ভাৰতীয় মহিলা হকী দলৰ ৰিয়েল লাইফ অধিনায়ক! এই সৰুজ লতা দেৱীয়ে ইতিমধ্যে ভাৰত চৰকাৰৰ পৰা সন্মানীয় অৰ্জুন বঁটাও লাভ কৰিছে।

শেহতীয়াকৈ এই অৰ্জুন বঁটা বিজয়ী ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক গৰাকী গ্ৰাহস্থ্য হিংসাৰ বলি হ’বলগীয়া হৈছে। প্ৰাক্তন অধিনায়ক গৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ ফলত মুখৰ আকৃতি সলনি হৈ পৰিছে।

ভাৰতীয় মহিলা হকী দলৰ পূৰ্বৰ অধিনায়ক সৰুজ লতা দেৱীক সুৰাসক্ত হৈ স্বামীয়ে এইদৰেই আক্ৰমণ কৰি মুখৰ আকৃতি সলনি কৰি দিলে।

অভিযোগ অনুসৰি , পঞ্জাৱৰ কাপুৰথলাৰ ৰে’ল কোচ ফেক্টৰীত প্ৰদান কৰা এটা কক্ষত ২০১৯চনৰ ৯নৱেম্বৰত স্বামীয়ে প্ৰচণ্ড মাৰ পিট কৰে সুৰজ লতা দেৱীক। সৰুজ লতা দেৱীৰ স্বামী তথা ৰে’লৱেৰ প্ৰাক্তন কৰ্মচাৰী চান্তা কুমাৰে সৰুজ লতা দেৱীক প্ৰায় তিনি ঘণ্টা সময় ধৰি নিচাসক্ত অৱস্থাত মাৰ ধৰ কৰে।

সৰুজ লতাৰ দেহৰ অন্যান্য অংশতো আঘাতৰ চিন স্পষ্ট

প্ৰাক্তন হকী কেপ্তেইন গৰাকীৰ মতে তেওঁৰ স্বামীয়ে যোৱা নৱেম্বৰ মাহত দুবাৰ তেওঁক যৌতুকত বিচাৰি হাৰাশাস্তি কৰিছে। সুৰাসক্ত স্বামীয়ে শাৰীৰিক–মানসিক নানান ধৰণৰ অমানুসিক অত্যাচাৰ কৰাৰ লগতে তেওঁ বৰ্তমান কৰ্মৰত পশ্চিম ৰে’লৱেৰ মুম্বাইৰ ‘অফিচ চুপাৰিটেণ্ডেণ্ট’ৰ চাকৰি এৰিবলৈও হেঁচা দিছে।



উল্লেখ্য যে, এইগৰাকী সৰুজ লতা দেৱীয়ে একেৰাহে তিনিবাৰ ভাৰতীয় হকী দলক প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰিছে। ২০০২ৰ কমনৱেলথ গেমছ, ২০০৩ৰ আফ্ৰো–এচিয়ান গেমছ আৰু ২০০৪ৰ হকী এছিয়া কাপত সুৰজ লতা দেৱীৰ নেতৃত্বতে ভাৰতে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ২০০২ৰ কমনৱেলথ গেমছত সোণৰ পদক জয় কৰাৰ কাহিনীৰে অনুপ্ৰাণিত হৈ ২০০৭চনত নিৰ্মাণ কৰা হৈছিল বলিউডৰ হিট ছবি শ্বাহৰুখ খান অভিনীত ‘চক দে’।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments