Sunday, October 2, 2022
HomeNewsঅম্লানৰ পাছত এছিয়ান গেমছলৈ যোগ্যতা শ্বাটলাৰ অস্মিতা চলিহাৰ

অম্লানৰ পাছত এছিয়ান গেমছলৈ যোগ্যতা শ্বাটলাৰ অস্মিতা চলিহাৰ

অম্লানৰ পাছত এছিয়ান গেমছলৈ যোগ্যতা শ্বাটলাৰ অস্মিতা চলিহাৰ

অলিম্পিয়া প্রতিবেদন: অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এক আনন্দৰ খবৰ কঢ়িয়াই আনিলে শ্বাটলাৰ অস্মিতা চলিহাই । দৌৰবিদ অম্লান বৰগোহাঁয়ে ২০০ মি: দৌৰত এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰাৰ পাছত অস্মিতা চলিহাকো দেখা যাব চীনৰ হাংঝাওত হ’বলগা এই টুৰ্ণামেণ্টত । নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত ভাৰতৰ বেডমিণ্টন সন্থাই আয়োজন কৰে ৬ দিনীয়া এক বাছনি প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ অন্তত বৃহস্পতিবাৰে বেডমিণ্টন সন্থাটোৱে সমাগত কমনৱেলথ গেমছ , এছিয়ান গেমছ আৰু থমাছ এণ্ড উবেৰ কাপ প্ৰতিযোগিতালৈ ভাৰতীয় বেডমিণ্টন দল ঘোষণা কৰে ।

আৰু অধিক পঢ়ক

উক্ত প্ৰতিযোগিতাৰ ফাইনেলত আকৰ্ষি কাশ্যপৰ বিৰুদ্ধে ২১-১০ , ১৭-২১ ,২১-১৫ ব্যৱধানত পৰাস্ত হৈ অস্মিতাই দ্বিতীয় স্থান লাভ কৰে । এই ফলাফলৰ সুবাদতে এছিয়ান গেমছ আৰু উবেৰ কাপলৈ নিৰ্বাচিত ১০ জনীয়া দলটোত অস্মিতাই স্থান লাভ কৰিছে । লক্ষণীয় যে বিশ্ব ৰেংকিঙৰ ভিত্তিত এই প্ৰতিযোগিতাত পি ভি সিন্ধুৰ দৰে খেলুৱৈয়ে অংশগ্ৰহণ কৰা নাছিল । হাৰিয়ানাৰ ১৪ বছৰীয়া উন্নতি হুদাই এছিয়ান গেমছলৈ নিৰ্বাচিত হোৱাৰ কথাই সকলোকে আচৰিত কৰি তুলিছে । উন্নতিয়ে তৃতীয় স্থানৰ মেছত অদিতি ভাটক ২১-১৮ , ২১-১৬ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰলৈ ছিনিয়ৰ পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিলে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

এছিয়ান গেমছ আৰু উবেৰ কাপলৈ নিৰ্বাচিত খেলুৱৈসকল হ’ল — পুৰুষ : লক্ষ্য সেন , কিদাম্বি শ্ৰীকান্ত , এইছ এছ প্ৰণয় , প্ৰিয়াংশু ৰাজাৱত , চিৰাগ চেট্টী , সাত্বিকছাইৰাজ ৰাংকীৰেড্ডী , ধ্ৰুৱ কপিলা , মি: অৰ্জুন , বিষ্ণুবৰ্দ্ধন গাউড , কৃষ্ণ প্ৰসাদ গাৰীগা ( মহিলা) পি ভি সিন্ধু , আকৰ্ষি কাশ্যপ , অস্মিতা চলিহা , উন্নতি হুদা , তৃষা জলী , গায়ত্ৰী পি , এন ছিক্কি ৰেড্ডী , অশ্বিনী পোনাপ্পা , তানিশা ক্ৰাষ্ট’ আৰু শ্ৰুতি মিশ্র ।
বাওঁহতীয়া শ্বটলাৰ অস্মিতা চলিহাৰ বাবে এয়া হ’ব দ্বিতীয়খন এছিয়ান গেমছ।

ইয়াৰ পূৰ্বে তেওঁ ২০১৮ ৰ ইণ্ডোনেছিয়াৰ এছিয়ান গেমছতো ভাৰতীয় দলৰ সদস্য আছিল । অস্মিতাই ২০১৮ ত ডুবাই ইণ্টাৰনেছনেল চেলেঞ্জ বেডমিণ্টনত মহিলা ছিংগলছত খিতাপ দখল কৰাৰ লগতে ২০১৯ ৰ চাউথ এছিয়ান গেমছত মহিলাৰ ছিংগলছ আৰু দলীয় ইভেণ্টত স্বৰ্ণপদক অর্জন কৰিছিল । লক্ষণীয় যে নতুন দিল্লীৰ যোগ্যতা নিৰ্ণায়ক টুৰ্ণামেণ্টৰ ফাইনেলত আকৰ্ষি কাশ্যপক পৰাস্ত কৰা হলে অস্মিতাই কমনৱেলথ গেমছলৈও নিৰ্বাচিত হ’লহেঁতেন ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments