Friday, September 30, 2022
HomeNewsঅমৰজ্যোতি ক্লাবৰ উদ্যোগত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা আৰু মাৰাথন দৌৰ

অমৰজ্যোতি ক্লাবৰ উদ্যোগত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা আৰু মাৰাথন দৌৰ

অলিম্পিয়া প্ৰতিবেদন

অমৰজ্যোতি ক্লাবৰ উদ্যোগত আৰু স্থানীয় নাজিৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত সমূহ গাওঁবাসীৰ সহযোগত বৰফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত ক্ৰীড়াৰ এক সুন্দৰ পৰিবেশ । অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি যোৱা ৩ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হয় প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা আৰু মাৰাথন দৌৰ । অমৰজ্যোতি ক্লাবৰ চেমনীয়াৰ ফুটবল দল বনাম খৰাগড় চেমনীয়া ফুটবল দলৰ প্ৰীতি খেলেৰে ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ হয় । ৯ দিনীয়াকৈ অনুষ্ঠিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত উত্তেজনাপূৰ্ণ খেলখনত মঠিয়াছিগা মিলি জুলি এফ চি দলে সিংহ দুৱাৰ এফ চি দলটিক ৩-২ গ’লৰ ব্যৱধানত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে । চূড়ান্ত খেলখনৰ আগমূহুৰ্তত অমৰজ্যোতি ভেটাৰ্ণ একাদশ আৰু শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ ভেটাৰ্ণ ফুটবল একাদশৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয় । আশীৰ দশকতে অমৰজ্যোতি ক্লাবৰ হৈ খেলা বহুকেইজন প্ৰাক্তন খেলুৱৈয়ে এই প্ৰীতি খেলখনত অংশগ্ৰহণৰ কৰে । বিশিষ্ট ব্যক্তি ৰূপে উপস্থিত থাকিল
শিৱসাগৰ জিলাৰ প্ৰাক্তন কোষাগাৰ বিষয়া নৱজ্যোতি গগৈ, তুলসী গগৈ (বৰ্তমান যোৰহাটৰ বাসিন্দা), বোকাজানৰ প্ৰকাশ গগৈ, থানেন্দ্ৰ গোহাঁইৰ লগতে ফুটবলপ্ৰেমী ৰাইজ । আনহাতে, অমৰজ্যোতি ক্লাবৰ আশীৰ দশকৰ ৩০ জন খেলুৱৈ আৰু ২০১২ চনলৈকে আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ খেলত অংশগ্ৰহণ কৰা অমৰজ্যোতি ক্লাবৰ সাত গৰাকী খেলুৱৈক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । শেষত বঁটা বিতৰণী সভাত উপস্থিত থাকে ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি দিলীপ বুঢ়াগোহাঁই, বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন শিক্ষক চেনিৰাম বৰগোহাঁই, ক্লাবৰ প্ৰাক্তন সভাপতি আৰু নামতি চাৰিআলি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক মঃ চফিউৰ ৰহমান, ক্লাবৰ প্ৰাক্তন সভাপতি তথা শিক্ষক অপূৰ্ব কুমাৰ চেতিয়া, বৰফুকন গাঁও পঞ্চায়তৰ সভানেত্ৰী মিনু গগৈ, নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চন্দ্ৰ দিহিঙীয়া, বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন প্ৰধান শিক্ষক জিতেন দুৱৰা, বৰফুকন পঞ্চায়তৰ কাউন্সিলাৰ যুতিকা গগৈ , ৱাৰ্ড সদস্য সদা মহন্ত , সমাজ কৰ্মী দেবেন গগৈ , দিলীপ চেতিয়া, নৃতেন গগৈ প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তিসকল । লগতে দাতা পৰিয়ালৰ জ্যোতি প্ৰভা গগৈ , উজ্বল বৰুৱা উপস্থিত থাকে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments